অসমৰ ৩ মাছ ব্যৱসায়ীক ঘপিয়ালে অৰুণাচলী দুৰ্বৃত্তই, নাৰায়ণপুৰত ভয়ংকৰ ঘটনা

লখিমপুৰৰ বান্দৰদেৱাত অৰুণাচলীৰ তাণ্ডৱ। মাছ ক্ৰয় কৰিবলৈ আহি মৎস্য ব্যৱসায়ীক উপৰ্যুপৰি ঘপিয়ালে চোকা অস্ত্ৰৰে। অতি সংকটজনক অৱস্থাত অৰুণ হাজৰিকা নামৰ এজন লোকক চিকিৎসালয়ত ভৰ্তি। গুৰুতৰভাবে আহত ৰাজু দাস আৰু উৎপল দাসকো চিকিৎসালয়ত ভৰ্তি। ঘটনাৰ পিছতে স্থানীয় শতাধিক ব্যৱসায়ী ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ। অসমৰ মাটিৰে অৰুণাচলৰ যান-বাহন চলাচল বন্ধ কৰি পথ অৱৰোধ প্ৰতিবাদকাৰীৰ। অৰুণাচলৰ CRPFয়ে প্ৰতিবাদকাৰীক লাঠি চাৰ্জ কৰাত অধিক অৱনতি ঘটে পৰিস্থিতিৰ। পৰৱ্তী সময়ত অসম আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। অৰুণাচল আৰক্ষীয়ে আটক কৰে অভিযুক্ত পাছাং ন্যিয়াক। উল্লেখ্য যে প্ৰায় ৬মাহ পূৰ্বেও এজন লোকক একেস্থানতেই একেদৰে আক্ৰমণ কৰাৰ অভিযোগ পাছাং ন্যিয়াৰ বিৰুদ্ধে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...