শ্বিনজো আবেই প্ৰথম নহয়, ইয়াৰ পূৰ্বে কাক, কাক হত্যা কৰিছিল জাপানত?

শ্বিনজো আবে কাণ্ডৰ পূৰ্বেও জাপানত সংঘটিত হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী নিগ্ৰহৰ ঘটনা। এটা দুটা নহয়, তিনিটাকৈ এনে ঘটনাই জোকাৰি গৈছে দেশখন। প্ৰথম ঘটনা সংঘটিত হৈছিল ১৯২১ চনৰ ৪ নৱেম্বৰত। টকিঅ’ ষ্টেচনত এজন যুৱ ৰে’লৱে কৰ্মীয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰিছিল জাপানৰ পূৰ্ণাংগ দলীয় কেবিনেট ব্যৱস্থা প্ৰতিষ্ঠা কৰা আৰু প্ৰধানমন্ত্ৰী হোৱা প্ৰথম সাধাৰণ মানুহ হিচাপে পৰিচিত তাকাছি হাৰাক। উত্তৰ জাপানৰ এটা উচ্চ পদস্থ চামুৰাই পৰিয়ালৰ পুত্ৰ আছিল হাৰাক। অভিজাত শ্ৰেণীৰ নহয়, এজন সাধাৰণ লোক হিচাপে প্ৰথম জাপানী প্ৰধানমন্ত্ৰী আছিল হাৰাক। পিছত টকিঅ’ ষ্টেচনত তেওঁক ছুৰীৰে আঘাত কৰি হত্যা কৰা কোনিচি নাকাওকা নামেৰে ৰে’লৱে কৰ্মীজনক আটক কৰা হৈছিল। পিছত খবৰ ওলাইছিল যে- হাৰাৰ নীতিত নাকাওকা ক্ষুব্ধ হৈ পৰিছিল। ‘জাপান টাইমছৰ’ বাতৰি অনুসৰি নাকাওকাই ইয়াৰ পূৰ্বে জাপানৰ সামাজিক সমস্যাৰ বাবে হাৰাক দোষাৰোপ কৰিছিল।

একেদেৰে তাকাছি হাৰাক হত্যা কৰাৰ ৯ বছৰৰ পাছতো গুলীয়াই হত্যা কৰা হৈছিল ওছাচি হামাগুচিক। হামাগুচি ইউকো নামেৰেও পৰিচিত ওছাচি হামাগুচি ১৯২৯ চনৰ জুলাই মাহত জাপানৰ প্ৰধানমন্ত্ৰী হৈছিল। তেওঁৰ মৰ্যাদাপূৰ্ণ আচৰণ আৰু সাহসৰ বাবে তেওঁক ‘সিংহ প্ৰধানমন্ত্ৰী’ বুলিও অভিধা দিয়া হৈছিল। ছাগোয়া টমিঅ’ নামৰ এজন যুৱ সোঁপন্থীয়ে ১৯৩০ চনৰ ১৪ নৱেম্বৰত টকিঅ’ ষ্টেচনত হামাগুচিক গুলীয়াই হত্যা কৰে। অৱশ্যে তেওঁৰ লগে লগে মৃত্যু হোৱা নাছিল। ৯ মাহৰ পাছত তেওঁৰ অসুস্থ ঘাঁত বেক্টেৰিয়াৰ সংক্ৰমণ হৈ মৃত্যুমুখত পৰে হামাগুচি।

তাৰোপৰি এইকেইটা হত্যাকাণ্ডৰ পিছত আৰু শ্বিনজো আবে কাণ্ডৰ পূৰ্বে জাপানত সংঘটিত হোৱা আটাইতকৈ চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছিল ১৯৩২ চনৰ ১৫ মে’ত। এদল সশস্ত্ৰ নৌসেনাৰ বিষয়াই প্ৰধানমন্ত্ৰীৰ বাসভৱনত আক্ৰমণ চলাই প্ৰধানমন্ত্ৰী চুয়োছি ইনুকাইক গুলীয়াই হত্যা কৰিছিল। উল্লেখ্য যে, যেতিয়া জাপানী সেনাই দখলদাৰী চীনত মানচুকুও ৰাজ্য ঘোষণা কৰিছিল, তেতিয়া ইনুকাইয়ে ইয়াক কূটনৈতিকভাৱে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল। আৰু তাৰ পৰিপ্ৰেক্ষিততে ক্ষুব্ধ হৈছিল তেওঁক হত্যা কৰা সেনাৰ বিষয়াসকল।
গতিকে জাপানৰ ইতিহাসত প্ৰধানমন্ত্ৰিত্বৰ সোৱাদ পোৱা ৩ জনকৈ লোকক শ্বিনজো আবে কাণ্ডৰ পূৰ্বে হত্যা কৰাৰ নজীৰ আছে। যাৰ বাবে জাপানৰ ৰাজনৈতিক ইতিহাসক আজিও বহুলোকে ক’লা ইতিহাস বুলি অভিহিত কৰে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...