শশী ফুকন বিলীন হ’ল পঞ্চভূতত

৭০ দশকৰ পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হাতত তুলি লোৱা এখন আলোচনীৰ গুৰিয়াল তেওঁ। নামটোৰ দৰেই আছিল বিস্ময়কৰ সকলো। চিন্তা উদ্দীপক, বুদ্ধি দীপ্ত সমান্তৰালকৈ মনোৰঞ্জনৰো কাৰণ। শতিকাৰ অন্যতম বিস্ময়– শশী ফুকন। বিশ্বনাথৰ পৰা উচ্চ শিক্ষাৰ বাট বুলি গুৱাহাটীলৈ আহিছিল মানুহজন। তেতিয়া জীৱনৰ মাত্ৰ ২টা দশক দেখা যুৱকজনেই এদিন কৰিলে অসাধ্য সাধন। জন্ম দিলে, ৫টা দশকলৈ অনিৰুদ্ধভাৱে যাত্ৰা কৰা বিস্ময়ৰ.. সেই আৰম্ভণি আছিল ১৯৬৯ৰ জানুৱাৰী মাহৰ এটি চিকুণ পুৱা….আজি সেই চিন্তাৰ শিপাৰ অৱসান… শশী ফুকন বিলীন হ’ল পঞ্চভূতত। নৱগ্ৰহ শ্মশানত বায়ুৰ লগত মিলি গ’ল নশ্বৰ দেহ। ৰৈ গ’ল এটা সত্বা– শশী ফুকন, মুখ্য সম্পাদক– বিস্ময়। শুকুৰবাৰে নিশা ১০ বাজি ৩০ মিনিটত আহিছিল অনাকাংক্ষিত খবৰটো। চলিত বৰ্ষৰ ৮ ছেপ্তেম্বৰত ঘৰৰ স্নানাগাৰত পৰি আঘাতপ্ৰাপ্ত হৈছিল ফুকন। লগে লগে ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত। বিস্ময়ৰ লেখকৰ মাননিৰ ত্ৰুটি নকৰা মানুহজনৰো হৈছিল ধনৰ নাটনি। প্ৰায় ২৫ দিনৰ পাছত ভৰ্তি কৰা হ’ল GMCHৰ ICUত। অশেষ চেষ্টাৰ পিছতো সুস্থ হৈ নুঠিল হৃদৰোগত আক্ৰান্ত মানুহজন। GMCHৰ বিচনাত নিৰৱে শুই পৰিছিল শশী ফুকন। পিতৃৰ নশ্বৰ দেহ ঘৰলৈ নিবলৈ আহি পুত্ৰই কান্ধ পাতি ল’লে ২০২০ৰ পৰা বন্ধ হৈ থকা শশী ফুকনৰ সপোনৰ ‘বিস্ময়’ৰ পুনৰ প্ৰচাৰৰ দায়িত্ব।

মহানগৰীৰ কাহিলীপাৰাস্থিত বাসগৃহলৈ পুৱাই লৈ যোৱা হ’ল ফুকনৰ নশ্বৰ দেহ। এধানিমান গুণমুগ্ধ, আত্মীয় স্বজন উপস্থিত হ’ল শেষ বিদায় জনাবলৈ। সকলো ম্ৰিয়মাণ। নোহোৱা হৈ গ’ল কলম নেৰিবলৈ উৎসাহ যোগোৱা মানুহজন। ঘৰৰ পৰা দুপৰীয়া ১২ বজাত লৈ যোৱা হ’ল নৱগ্ৰহ শ্মশানলৈ। যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যেই কৰা হৈছিল। বহু লেখকৰ বাবে আত্মপ্ৰকাশৰ মঞ্চ দিয়া ‘বিস্ময়’ৰ উদ্ভাৱকৰ পিছে শেষ যাত্ৰাত দেখা নগ’ল যথোচিত লেখক সমাজৰ উপস্থিতি। দেখা গ’ল দুই এক বৰেণ্য ব্যক্তিত্বক। দেখা পোৱা গ’ল একালৰ সতীৰ্থক। শেষ শ্ৰদ্ধা নিবেদন কৰি প্ৰত্যেকেই কৰিলে শশী ফুকনৰ স্মৃতি সোঁৱৰণ।

বিস্ময় আৰু মাননি। এই কথাইও উদ্বুদ্ধ কৰিছিল নতুন লেখকৰ কলমক। নিয়মিত মাননিৰ ক্ষেত্ৰত বিস্ময় আছিল সদা সতৰ্ক। শশী ফুকনৰ শেষ বিদায়ত উপস্থিত হৈ বিশিষ্ট গল্পকাৰ তথা NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে ক’লে তেওঁৰ কথাবোৰ।

নতুন চিন্তা, নতুন উদ্যমেৰে কাম কৰি যোৱা মানুহজনৰ এই বিদায় তেখেতক জনা নজনা প্ৰত্যেকৰ বাবেই অসহনীয়। নীৰৱে কাম কৰি যোৱা মানুহজন নীৰৱেই গ’লগৈ। থৈ গ’ল অসম আৰু অসমীয়াৰ বাবে বহুজন প্ৰতিস্থিত লেখক সাহিত্যিক। কিন্তু শশী ফুকন নামৰ সাহিত্য উদ্যোগীজনৰ এই অন্তিম যাত্ৰাৰ ছবিখনে বহু কথাই কৈ গ’ল। শেষ যাত্ৰাত গুণমুগ্ধৰ উপস্থিতিয়ে বহু কথাই কৈ গ’ল। ক’ৰবাত থমকি যেন ৰ’ল বিস্ময়ৰ বিস্ময়কৰ সত্ত্বাৰ বিদায় যাত্ৰাৰ যথোচিত মূল্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...