পুনৰ চিত্ৰগৃহত যাদু দেখুৱালে শ্বাহৰুখ খানে

পুনৰ চিত্ৰগৃহত যাদু দেখুৱালে শ্বাহৰুখ খানে
‘পাঠান’ ছবিৰ হাত ধৰি স্ব-মহিমাই উজলি উঠিল কিং খান
‘জৱান’ ছবিৰ জৰিয়তে বক্স অফিচৰ সকলো ৰেকৰ্ড ভংগ কৰিলে শ্বাহৰুখ খানে
প্ৰথমদিনাই ‘জৱান’ ছবিয়ে বিশ্বজুৰি ১২৮ কোটি টকা সংগ্ৰহ কৰি ৰচিলে অভিলেখ


মাজতে কিছুদিন বেয়া চলিছিল শ্বাহৰুখ খানৰ জীৱনত। এখনৰ পিছত এখনকৈ ছবি ফ্লপ হৈছিল। সমালোচকেও শ্বাহৰুখ খানৰ ফিল্মী কেৰিয়াৰ শেষ হোৱা বুলিয়েই মন্তব্য কৰিছিল। কিন্তু তাৰ পিছতে চলিত বৰ্ষৰ আগভাগত ‘পাঠান’ ছবিৰ জৰিয়তে বক্স অফিচত আলোড়ন সৃষ্টি কৰে কিং খানে। আৰু তাৰ ৯ মাহৰ পিছতে ‘জৱান’ ছবিৰ জৰিয়তে বক্স অফিচত জুই লগাই দিলে বলীউডৰ বাদশ্বাহে। পুৱাৰ পৰা মাজনিশালৈ ‘জৱান’ৰ সকলো শ্ব’ হৈ পৰিছে হাউছফুল।

বক্স অফিচত প্ৰথম দিনৰ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ ‘জৱান’ৰ
‍বিশ্বজুৰি প্ৰথমদিনা ‘জৱান’ৰ সংগ্ৰহ ১২৮ কোটি
ভাৰতত জৱানে প্ৰথম দিনাই সংগ্ৰহ কৰিলে ৭৫ কোটি
প্ৰথমবাৰৰ বাবে বলীউডৰ কোনো ছবিয়ে ৬০ কোটিৰ সীমা পাৰ কৰিলে
পূৰ্বে ‘পাঠান’ ছবিৰ প্ৰথম দিনৰ সংগ্ৰহ আছিল ৫৭ কোটি
প্ৰথমদিনা শ্বাহৰুখৰ জৱানে ১২৮ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে ‘পাঠান’ৰ সংগ্ৰহ আছিল ১০৮ কোটি টকা


যুক্তৰাষ্ট্ৰতো বলীউডৰ কোনো ছবিয়ে এতিয়ালৈকে প্ৰথম দিনাই সংগ্ৰহ কৰিব পৰা নাছিল ৪ নিযুত ডলাৰৰ অধিক ধন। কিন্তু শ্বাহৰুখৰ পাঠানৰ পিছত জৱানেও ৪ নিযুত ডলাৰৰ অধিক ধন সংগ্ৰহ কৰিব সক্ষম হৈছে। ইউৰোপৰ ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আদিৰ লগতে মধ্য প্ৰাচ্য, অষ্ট্ৰেলিয়া, নিউজীলেণ্ড আদিতো শ্বাহৰুখৰ ছবি চাবলৈ অগণন দৰ্শকে ভিৰ কৰে ছবি গৃহত।

‘জৱান’ আছিল শ্বাহৰুখৰ ফিল্ম কেৰিয়াৰৰ ১৮নং বাম্পাৰ অপেনাৰ
১৯৯০ চনৰ পৰা এই অভিলেখত ২য় স্থানত আছে ১৪খন ছবিৰে ছলমান খান
ছানী দেউল ১০খন ছবি, আমীৰ খান ৯খন ছবিৰে এইক্ষেত্ৰত ৩য় আৰু ৪ৰ্থ স্থানত
শ্বাহৰুখৰ জৱান মুক্তি লাভ কৰিছে ১০ হাজাৰ প্ৰেক্ষাগৃহত একেলকে


সাধাৰণতে শ্বাহৰুখক জনা যায় কিং অৱ ৰোমাঞ্চ বুলি। কিন্তু শেহতীয়া দুয়োখন ছবিত শ্বাহৰুখে একশ্যন হিৰ’ ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। দক্ষিণৰ ছবিত এখনৰ পিছত এখন হিট ছবি উপহাৰ দিয়া পৰিচালক এথলি কুমাৰৰ এইখন বলীউডত প্ৰথম ছবিত। এই ছবিতে শ্বাহৰুখ খানৰ সৈতে বাজিমাত কৰিল এথলি কুমাৰে। অনাগত দিনকেইটাত এই ছবিখনে আৰু দৰ্শকক আকৰ্ষিত কৰিব আৰু ছুপাৰহিট ছবিৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...