কেইবাটাও ভয়াৱহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য

যোৱা ২৪ ঘন্টাত ৰাজ্যত সংঘটিত হয় কেইবাটাও দুৰ্ঘটনা। ২জনকৈ লোকৰ মৃত্যু হৈছে দুৰ্ঘটনাত। ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত দুৰ্ঘটনাত আহত হয় কেইবাজনো লোক।

কেইবাটাও ভয়াবহ পথ দুৰ্ঘটনাই জোকাৰি গ’ল ৰাজ্য। থিতাতে নিহত ২জনকৈ লোক। যোৱা ২৪ ঘন্টাত ৰাজ্যত সংঘটিত হোৱা দুৰ্ঘটনাত আহত হয় কেইবাজনো লোক।

ডুমডুমাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত ২ জনকৈ লোক। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ ৰেলিঙত প্ৰচণ্ড খুন্দা মটৰচাইকেলৰ। ফলত নিহত বৰহাপজানৰ মহছিন খান আৰু হাহঁচৰাৰ মোহন গড়।

ইপিনে অৰুণাচলৰ কুৰুং নদীত অঘটন। কোবাল সোঁতৰ পানীত পৰিল এখন পিক্ আপ ট্ৰাক। ৰডভৰ্তি আছিল সেই দুৰ্ঘটনাগ্ৰস্ত বাহনখন। কুমেই জিলাৰ ক’ল’ৰিয়াং চহৰৰ সমীপত সংঘটিত হয় এই ঘটনা। ঘটনাত চালকজনৰ মৃত্যুৰ আশংকা কৰা হৈছে। যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই মৃতদেহ। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন এজন লোক।

টীয়কৰ কাকজানতো সংঘটিত হয় পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰখাই থোৱা নৈশ বাছত খুন্দা ট্ৰাকৰ। একে দিশত আহি থকা ট্ৰাকে খুন্দিয়ালে গুৱাহাটী অভিমুখী নৈশ বাছত। ট্ৰাকৰ চালক আৰু নৈশ বাছৰ চালক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাছ ৰখাই থৈ চালক ৰৈ আছিল বাছৰ সন্মুখত। তেনে সময়তে এই অঘটন সংঘটিত হয়। আহত দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

লখিমপুৰৰ লালুকৰ কৰুণাবাৰীতো ভয়াৱহ পথ দুৰ্ঘটনা। মাজনিশা GFX-পথৰ কাষৰ ৰেলিং ভাঙি দ পুখুৰীত পৰিল ৪ চকীয়া বাহন। কথমপি প্ৰাণ ৰক্ষা চালকৰ। বিহপুৰীয়া দিশৰ পৰা আহি আছিল TUV বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR01 L 3035.

ইফালে দলগাঁৱৰ মিলনচকত নিশা পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দলগাঁৱৰ সাংবাদিক যুগল চন্দ্ৰ বড়োৰ লগতে এগৰাকী মহিলা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী AS 01 JC 9105 নম্বৰৰ চাৰিচকীয়া বাহনে ভূল দিশে গৈ এখন স্কুটিত প্ৰচণ্ড খুন্দা মাৰে। ফলত স্কুটি খন ভাঙি চুৰমাৰ হয়।

NKTV Digital
Author: NKTV Digital

347 COMMENTS

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...