সেৱা ভাৰতী পূৰ্বাঞ্চলৰ যোগ শিক্ষক প্ৰশিক্ষণ বৰ্গৰ গৰিমাময় সামৰণি

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত, যোগ বিদ্যা গুৰুকুল, নাচিকৰ অনুমোদনত তথা ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ স্বীকৃতি প্ৰাপ্ত আৱাসিক যোগ শিক্ষক প্ৰশিক্ষণ বৰ্গটি ১০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈ আজি উত্তৰ গুৱাহাটীস্থিত যোগ নিলয়মত,যোগ আৰু প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰত গৰিমাময়ভাৱে সমাপ্ত হয়। সামৰণি অনুষ্ঠানত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ প্ৰান্ত যোগ প্ৰমুখ অৰূপ জ্যোতি দাসে আঁতধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মাতা নিৰ্ভয়া গিৰি জীয়ে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সভাপতি ডাঃ নিৰ্মল বেৰিয়া দেৱ। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সেৱা প্ৰমুখ ৰাজেশ দেশকৰ জী, সহ: সেৱা প্ৰমুখ সুৰেন্দ্ৰ তালখেড়কৰ জী আৰু অসম ক্ষেত্ৰ যোগ প্ৰমুখ গুৰুজী হিমাদ্ৰী পুৰকায়স্হ দেৱ।

অনুষ্ঠানত সেৱা ভাৰতী পূৰ্বাঞ্চলৰ জেষ্ঠ যোগ শিক্ষক ৰুবুল মিশ্ৰ দেৱে বৰ্গৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় আৰু বৰ্গৰ প্ৰতিবেদন পাঠ কৰে যোগ শিক্ষক খনিন্দ্ৰ নাথে।

এই যোগ শিক্ষক প্ৰশিক্ষণ বৰ্গত অসমৰ ৯ খন জিলাৰ পৰা পুৰুষ-মহিলা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। বৰ্গত শিক্ষক হিচাপে উপস্থিত থাকে – জ্যেষ্ঠ যোগাচাৰ্য ৰুবুল মিশ্ৰ, জুনু বৰা, হীৰা মণি পাঠক, নয়নমণি বৰচেতিয়া, টিউলীপ শৰ্মা, কাব্যশ্ৰী ফুকন, জুনমণি দাস, বিতুপন সন্দিকৈ, খনিন্দ্ৰ নাথ, ধনজিৎ ৰাভা, বৈজয়ন্তী বড়ো আদি শিক্ষক-শিক্ষয়িত্ৰীসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

প্ৰশিক্ষণ বৰ্গ সফলতাৰে সম্পন্ন হোৱাৰ পাছত উত্তীর্ণ শিক্ষাৰ্থী সকলক যোগ বিদ্যা গুৰুকুল, নাচিকৰ অনুমোদিত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে, “ঘৰে ঘৰে যোগ” এই মূলমন্ত্ৰ লৈ বহু বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত যোগৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু আত্মিক উন্নয়নৰ এক সজীৱ আন্দোলন আগবঢ়াই আহিছে সেৱা ভাৰতী পূৰ্বাঞ্চলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...