আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলি

জন হিতাৰ্থে, জন সেৱাৰ্থে নে জনতাক হাৰাশাস্তিৰ অৰ্থে?
আকৌ অসম আৰক্ষীৰ দায়বদ্ধতাক লৈ উঠিছে সন্দেহৰ আঙুলি
তাৰ কাৰণ এই সমূহ দৃশ্য। ভিজুৱেল…
এইবাৰ গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
মাজ নিশা বশিষ্ঠত মাতাল আৰক্ষীৰ গুণ্ডাগিৰি!

অভিযোগ অনুসৰি সুৰাসক্ত হৈ সাধাৰণ যুৱকৰ ওপৰত জপিয়াই পৰিল ৩ আৰক্ষী বিষয়া। নিৰ্মমভাৱে প্ৰহাৰ কৰি ভাঙিলে এজন যুৱকৰ দুয়োখন ভৰি। মাতাল আৰক্ষী বিষয়াৰ পৰা সাৰি নগ’ল মহিলাও। নিশা মহিলাক প্ৰহাৰ কৰি বশিষ্ঠ নৈত গতিয়াই চলালে হত্যাৰ চেষ্টা। আতংকিত ভুক্তভোগীৰ বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ। কিন্তু কি ঘটিছিল সোমবাৰে নিশা?

হয় ক্ষমতাই মূৰত ধৰা একাংশ আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰাৰ অভিযোগ। অভিযোগ উত্থাপিত হৈছে বশিষ্ঠ আৰক্ষীৰ তিনি SI পৰাগ জ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীৰ বিৰুদ্ধে। পৰিতাপৰ কথা নৱনিযুক্ত এই তিনিওজন আৰক্ষী উপ পৰিদৰ্শকেই আছে প্ৰবেজনত। নতুনকৈ খাকী পোছাক পিন্ধি ক্ষমতাই মূৰত ধৰাত যেন সুৰাসক্ত হৈ মহিলাক প্ৰহাৰ কৰিবলৈও কৰা নাই কুণ্ঠাবোধ।

নিশা দুই বজাত সুৰাৰ ৰাগীত বশিষ্ঠ নৈ গা ধুই থকাৰ পৰা প্ৰথমে তৰ্ক যুদ্ধ তাৰ পিছত মাৰপিট। উদণ্ড আৰক্ষীৰ প্ৰহাৰত বিজয় নাথ নামৰ যুৱকজনৰ দুয়োখন ভৰি আৰু ৰাতুল নাথ নামৰ যুৱকজনৰো আঙুলি ভঙাৰ অভিযোগ। ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ পিছতে বশিষ্ঠ আৰক্ষীৰ তিনি SI পৰাগজ্যোতি বৰ্মন, তীৰ্থ ডেকা আৰু ধ্যানজ্যোতি তামুলীক তলব কৰিছে মহানগৰ আৰক্ষী আয়ুক্তই। সমগ্ৰ ঘটনাক লৈ ৩ এছ আইক সোধা পোছা আৰক্ষী আয়ুক্তৰ। ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে জনাইছে চৰম গুণ্ডাগিৰিত নমা আৰক্ষীৰ উচিত শাস্তিৰ দাবী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...