সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী-পুত্ৰ!

সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী-পুত্ৰ!
যিকোনো মুহূৰ্তত দুষ্কৃতিকাৰীৰ টাৰ্গেট হ’ব পাৰে পুষ্পা গগৈ, সৌৰভ গগৈ
হাৰাশাস্তি নহয়, নিৰাপত্তা দিবলৈহে সুনীলৰ পৰিয়ালক মতা হৈছে থানালৈ

ঢকুৱাখনাৰ ঘটনাৰ ৰহস্য ভেদ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী। প্ৰতিদিনে জেৰা কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক। পুৱাই থানালৈ মাতে, সন্ধিয়া ঘৰলৈ যাবলৈ দিয়ে। ইপিনে সুনীলৰ ঘৰৰ সমীপৰ পুখুৰী সিঁচি শুকুৱাই পেলাইছে এছ ডি আৰ এফে। এইবোৰ দেখি অতিষ্ঠ সাপতীয়া চেতিয়া গাঁৱৰ জনতাই অৱশেষত ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ প্ৰেৰণ কৰিলে আৰক্ষীলৈ।

সুনীলৰ পত্নী-পুত্ৰক হাৰাশাস্তি বন্ধ কৰিব নালাগে
জয়ন্ত গোস্বামীক আনিব লাগে তদন্তৰ আওতালৈ
ৰাজহুৱা কৰিব লাগে DNAৰ প্ৰতিবেদন

ৰাইজৰ সৈতে আলোচনাত আৰক্ষীয়ে কলে, হাৰাশাস্তিৰ উদ্দেশ্যে নহয়। নিৰাপত্তাৰ উদ্দেশ্যেহে জেৰা কৰা হৈছে সুনীলৰ পত্নী-পুত্ৰক। পহৰা দিয়া হৈছে ঘৰৰ চৌহদত। মঙলবাৰে ঢকুৱাখনাৰ পৰিৱৰ্তে লখিমপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলালে সুনীলৰ পুত্ৰ-পত্নীক।

এইবোৰৰ মাজতে পোহৰলৈ আহিছে জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ মাজত হোৱা কথোপকথনৰ এটা ভিডিঅ। য’ত বিল, ৱৰ্ক অৰ্ডাৰ আৰু ধনক লৈ কথা হৈছে দুয়োৰে মাজত। চান্দাৰ পইছা খুজিছিল জয়ন্ত গোস্বামীয়ে। মোৰ হাতত একেবাৰে পইছা নাই বুলি কৈছিল সুনীলে।

ভাইৰেল হৈছে এটা কল ৰেকৰ্ডিঙো। যত কোনো সতীৰ্থৰে কথা পাতিছে সুনীল গগৈয়ে। কৈছে জীৱনলৈ অহা ভাবুকিৰ কথা।

আৰক্ষীয়ে জয়ন্ত গোস্বামীক জেৰা কৰিব লাগে। সুনীলে ফোনত কথা পতা লোকজন কোন উলিয়াব লাগে। সেই দাবীৰে ওলাই আহিল সাপতীয়া চেতিয়া গাঁওবাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

UGCৰ ১২(বি) স্বীকৃতি লাভেৰে নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিলে USTM-এ

উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰি ইউনিভাৰ্ছিটি...

২৫০ বছৰ পুৰণি ধৰ্মীয় অনুষ্ঠানৰ কাষত এতিয়াৰে পৰা কোনেও মাটি কিনিব নোৱাৰিব

আজি বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ...

১৩ লাখ টকাৰ বান সাহায্য প্ৰদান কেৰিমিনাতিৰ

অসমৰ বান পৰিস্থিতিৰ বাবে ইউটিউবাৰ কেৰিমিনাতিৰ CHARITY STREAMCHARITY STREAMত...

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...