পৰকীয়া প্ৰেমিকৰে মিলি স্বামীৰ লগত জঘন্য কাণ্ড

গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হল এটা চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমৰ ভয়ানক পৰিণতি। ছুটীত ঘৰলৈ অহা চি আৰ পি এফ জোৱানে পৰকীয়া প্ৰেমিকৰ সৈতে হাতে-লোটে ধৰা পেলালে পত্নীক। তাৰ পাছতে তিনিওৰে মাজত সংঘাত। পৰকীয়া প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে নৃশংসভাবে হত্যা কৰিলে স্বামীক। সমগ্ৰ ঘটনা নিজ চকুৰে দেখা পালে দুই পুত্ৰই।

পত্নীক ছাৰপ্ৰাইজ দিবলৈ অহা CRPF জোৱানৰ লগত চাঞ্চল্যকৰ ঘটনা। পৰকীয়া প্ৰেমিকৰে মিলি ডিঙি চেপি স্বামীক হত্যা কৰিলে হীৰামণিয়ে। স্বামীৰ মৃতদেহ শুৱাই থৈ বজাৰলৈ গ’ল, পুত্ৰক টিউচনলৈ নিলে পত্নীয়ে।

মমতাময়ী নাৰীৰ এয়া কেনে বীভৎস ৰূপ। পৰকীয়া প্ৰেম কিমান ভয়ানক তাৰ উদাহৰণ এই ঘটনা। কাহিলীপাৰাৰ কাণ্ডই জোকাৰিছে গুৱাহাটী। দুই পুত্ৰ সন্তানেৰে সুখৰ সংসাৰ আছিল তেওঁলোকৰ। টিহুৰ দিতুমণি হালৈ আৰু সৰ্থেবাৰীৰ হীৰামণি হালৈয়ে কাহিলীপাৰাৰ আদৰ্শপুৰত থকা এই অট্টালিকাটোতেই ভাড়াতীয়া হিচাপে বাস কৰিছিল। CRPFত কৰ্মৰত আছিল দিতুমণি। মণিপুৰত পালন কৰি আছিল দায়িত্ব। সোমবাৰে ১০ দিনৰ ছুটী লৈ আহিছিল ঘৰলৈ। সেই কথা জনোৱা নাছিল পত্নীক। ঘৰলৈ আহি দুৱাৰত টোকৰ মাৰিছিল দিতুমণিয়ে। বহুসময়লৈ পত্নীয়ে খুলি দিয়া নাছিল দুৱাৰ। দুৱাৰ খোলাৰ পাছত ভিতৰলৈ যাওঁতেই এটি পুত্ৰই কৈ দিলে দিতুমণিক। দেউতা বিছনাৰ তলত কোনোবা সোমাই আছে।
লগে লগে কথাবোৰ স্পষ্ট হৈ পৰিল। বিচনাৰ তলত দিতুমণিৰ পৰকীয়া প্ৰেমিক। পৰকীয়া প্ৰেমিক টিহুৰ বিজেপি নেতা অৰূপ দাস। অৰূপক দেখিয়েই চিঞৰ বাখৰ লগালে স্বামী দিতুমণি হালৈয়ে। পৰকীয়া প্ৰেমিক আৰু পত্নী হীৰামণিয়ে জোৰ-জবৰদস্তি ভিতৰলৈ টানি আনিলে স্বামী দিতুমণিক। তাৰ পাছত অট্টালিকাটোৰ আন আৱাসীয়ে কেৱল এটা চিঞৰহে শুনিলবলৈ পালে। স্বামী-স্ত্ৰীৰ কাজিয়া। ঠিক হ’ল বুলি ভাবিলে সকলোৱে। বিয়লি ভাগলৈ জাৱৰ পেলাবলৈ ওলাই গল হীৰামণি। বজাৰ কৰিবলৈ গল। স্কুটী লৈ টিউচনলৈ নিলে পুত্ৰক। নিশা তিনিমান বজাত আহিল এম্বুলেঞ্চ। কি হ’ল একো ধৰিবই নোৱাৰিলে চুবুৰীয়াই
হীৰামণি আৰু পৰকীয়া প্ৰেমিক অৰূপ দাসে মিলি সেই দুপৰীয়াই গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল চি আৰ পি এফ জোৱান দিতুমণি হালৈক। মৃতদেহ বিচনাত শোৱাই বজাৰলৈ ওলাই গৈছিল পত্নী হীৰামণি। নিশা সুৰাপান কৰি অসুস্থ হোৱা বুলি মাতিছিল এম্বুলেঞ্চ।

মঙলবাৰেহে স্পষ্ট হল এই ঘটনা। পূৰ্বেও পত্নীৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিছিল দিতুমণিয়ে। সেই লৈ দুয়োৰে মাজত হৈছিল সংঘাতো। সোমবাৰেও কোনোবাই দিতুমণিক ফোনযোগে দিছিল খবৰ। জনাই দিছিল পৰকীয়া প্ৰেমিক আহি ঘৰত সোমাই থকাৰ কথা। তাৰ পাছত এই ঘটনা। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হীৰামণি হালৈ আৰু পৰকীয়া প্ৰেমিক অৰূপ দাসক। এই ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যকৰ। পৰকীয়া প্ৰেমৰ কেনেকুৱা জঘন্য পৰিণতি এয়া। এতিয়াই সচেতন সমাজে কথাবোৰ ভাবিব চিন্তা কৰিব লাগে। অন্যথা পৰিৱেশ পৰিস্থিতি আৰু ভয়াৱহ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...