সদৌ অসম ডায়েট বিষয়া সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এখন গুৰুত্বপূৰ্ণ অনলাইন সভা মঙলবাৰে সন্থাৰ সভাপতি ইন্দ্ৰজিত গামৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। এই সভাত পদ্মশ্ৰী ইন্দিৰা মিৰিৰ মৃত্যু বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে ৪ ছেপ্টেম্বৰ দিনটো ‘অসম শিক্ষক শিক্ষা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমত শিক্ষক শিক্ষাৰ বিকাশ আৰু উত্তৰণৰ ক্ষেত্ৰত ইন্দিৰা মিৰিয়ে আগবঢ়োৱা অসামান্য অৱদান আৰু আদৰ্শক স্মৰণ কৰাৰ উদ্দেশ্যে এই দিৱস পালনৰ সিদ্ধান্ত লোৱা বুলি সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।
এই উপলক্ষে সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত অহা ৪ ছেপ্টেম্বৰত এখন বিশেষ অনলাইন ৱেবিনাৰৰ আয়োজন কৰা হৈছে। ৱেবিনাৰত অসমত শিক্ষক শিক্ষাৰ বিকাশ, ইন্দিৰা মিৰিৰ অৱদান আৰু বৰ্তমান সময়ত শিক্ষক শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা হ’ব। ইফালে, শিক্ষক শিক্ষাৰ ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিক্ষক-শিক্ষাবিদসকলক স্বীকৃতি আৰু সন্মান জনোৱাৰ উদ্দেশ্যে সদৌ অসম ডায়েট বিষয়া সন্থাই ‘AADOA State Teacher Educator of the Year Award’ নামৰ ৰাজ্যিক বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ২০২৫–২৬ শিক্ষাবৰ্ষৰ পৰা প্ৰতিবছৰে প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে যোগ্য প্ৰাপক নিৰ্বাচনৰ উদ্দেশ্যে পাঁচজনীয়া এখন বাছনি সমিতি গঠন কৰা হৈছে। সমিতিখনত প্ৰবক্তা ক্ৰমে ময়ুৰী মহন্ত, কৰুণাকান্ত হাজৰিকা, ৰঞ্জন বৰা, গুণ গোবিন্দ সোণোৱাল আৰু ড° শিৰোমণি ভূঞাক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।
সদৌ অসম ডায়েট বিষয়া সন্থাৰ মাণ্ডলিক সমিতিসমূহে নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য শিক্ষক-প্ৰশিক্ষকৰ নাম বাছনি সমিতিলৈ প্ৰেৰণ কৰিব। পৰৱৰ্তী সময়ত বাছনি সমিতিয়ে চূড়ান্ত প্ৰাপক নিৰ্বাচন কৰিব আৰু সদৌ অসম ডায়েট বিষয়া সন্থাই বাৰ্ষিক অধিৱেশনত এই বঁটা প্ৰদান কৰিব।
সন্থাৰ সম্পাদক প্ৰধান ডঃ ঋতুপৰ্ণ মহন্তই আশা প্ৰকাশ কৰিছে যে ‘অসম শিক্ষক শিক্ষা দিৱস’ৰ দৰে পদক্ষেপে ৰাজ্যখনত শিক্ষক শিক্ষাৰ গুৰুত্ব অধিক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে এই ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষক-প্ৰশিক্ষক সকলক উৎসাহিত কৰিব।
