বেঁকী নদীৰ জলস্তৰ বৃদ্ধিৰ আশংকা, সতৰ্কতামূলক জাননী বৰপেটা জিলা প্ৰশাসনৰ

কুৰিছু বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত বেঁকী নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে বিগত কিছুদিন ধৰি বিভিন্ন অঞ্চলত অব্যাহত থকা বৰষুণৰ ফলত পৰিস্থিতি অধিক জটিল হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰিছে বৰপেটা জিলা প্ৰশাসনে।

এক সতৰ্কতামূলক জাননীৰ জৰিয়তে জিলা প্ৰশাসনে বেঁকী নদীৰ জলস্তৰ বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজক সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

জিলা প্ৰশাসনৰ মতে, জলস্তৰ বৃদ্ধি পালে নদীত প্ৰবল সোঁতৰ সৃষ্টি হোৱাৰ লগতে আকস্মিক বান, নদীৰ গৰাখহনীয়া আৰু বৰপেটা জিলাৰ কিছু অঞ্চল প্লাৱিত হোৱাৰ সম্ভাৱনা আছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নদী তথা অন্যান্য জলাশয়ৰ কাষত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আৰু নাও চলোৱাৰ দৰে কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ ৰাইজক পৰামৰ্শ দিয়া হৈছে। লগতে নদীৰ পাৰ আৰু মথাউৰিৰ কাষৰ পৰা শিশু, বয়োজ্যেষ্ঠ লোক আৰু পশুধনক আঁতৰাই ৰাখিবলৈও আহ্বান জনাইছে প্ৰশাসনে।

ইফালে, আজি বিয়লিৰ ভাগত বৰপেটা জিলা আয়ুক্ত নৱদীপ পাঠকে জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে সৰভোগ আৰু বৰপেটাৰোডৰ বেঁকী নদীৰ নৈপৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ নৈপৰীয়া ৰাইজৰ সৈতে মত বিনিময় কৰি সম্ভাব্য পৰিস্থিতিৰ প্ৰতি সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

জিলা প্ৰশাসনে লগতে স্পষ্ট কৰি দিছে যে বেঁকী নদীৰ জলস্তৰ আৰু বান পৰিস্থিতি সম্পৰ্কে কোনো ধৰণৰ উৰাবাতৰি বা অপ্ৰামাণিক তথ্যত বিশ্বাস নকৰি কেৱল বৰপেটা জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (DDMA), বৰপেটাই জাৰি কৰা চৰকাৰী নিৰ্দেশনা আৰু তথ্য অনুসৰণ কৰিব লাগে।

সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...