হৰলুকি হৈছে নেকি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সোণ?

হৰলুকি হৈছে নেকি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সোণ?
অভিযোগ- প্ৰতি অভিযোগৰ মাজতে ৰহস্যৰ আৱৰ্তত সমগ্ৰ বিষয়

বিষয় গম্ভীৰ। ঐতিহাসিক বটদ্ৰৱা থানৰ সঞ্চিত সোণ হৰলুকী হোৱা বুলি উত্থাপন হৈছে গুৰুতৰ অভিযোগ। কিছু দিনৰ পৰা চৰ্চা লাভ কৰিছে অপ্ৰত্যাশিত এই ঘটনাক্ৰমে। শেহতীয়াকৈ বটদ্ৰৱাৰ শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত হল এখন নাগৰিক সভা। থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ডা০ প্ৰদীপ কুমাৰ দেৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সহকাৰী সম্পাদক যতীন বৰুৱা, যোগেন শইকীয়া, সুৰজ হাজৰিকা, তুৱা ৰাম বৰুৱা, সত্ৰৰ বায়ন, শিল্পী সাহিত্যিক, শিক্ষাবিদৰ উপৰিও উপস্থিত থাকে জেষ্ঠ নাগৰিক। ২০২১ চনৰ পৰা বৰ্তমানৰ থান পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়া, সদস্যৰ বিৰুদ্ধে নজিৰ বিহীন বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হয় সভাত। কিন্তু সভাৰ পিছতে উত্থাপন হৈছে আন এক গুৰুতৰ অভিযোগ। থান পৰিচালনা সমিতিৰ

সম্পাদক আৰু একাংশ সদস্যৰ কথাক মিথ্যাচাৰ আখ্যা
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য ৰাজু বৰুৱাৰ বিস্ফোৰক অভিযোগ
২০২৩ত ৰচিদত উল্লিখিত সোণ-ৰূপৰ পৰিমাণত তাৰতম্য

সম্পাদক অৰূপ শইকীয়া আৰু একাংশ সদস্যই শুক্ৰবাৰে সম্পাদকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি সদৰি কৰিছিল বটদ্ৰৱা থানৰ বেংকৰ লকাৰত জমা ৰখা সোন ৰূপৰ পৰিমান। কিন্তু এই বিশেষ ৰচিদ খনলৈ মন কৰক। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ২০২৩ চনৰ জানুৱাৰীৰ ৭ তাৰিখে যিমান পৰিমানৰ সোণ ৰূপ বেংকত জমা ৰখা হৈছিল সেই জমা থোৱা ৰচিদৰ লগত বৰ্ত্তমানৰ কমিটিয়ে দিয়া তালিকাত অন্তধ্যান হ’ল বহু সোণ ৰূপ। গতিকে ক্ষোভিত হৈছে একাংশ লোক। প্ৰশ্ন উত্থাপন হৈছে ঐতিহাসিক থানখনত এনেকৈয়ে চলিছেনেকি লুণ্ঠনৰাজ! উচিত তদন্তৰ দাবী কৰিছে অভিযোগকাৰীয়ে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...