কিয় ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা নেখেলে বিৰাট কোহলিয়ে

কেৱল ৩য় টেষ্টতে নহয়, শৃংখলাই নেখেলে বিৰাট কোহলিয়ে
১১৩খন টেষ্ট খেলা কোহলিৰ প্রথমবাৰলৈ শৃংখলাত অনুপস্থিত
ব্যক্তিগত কাৰণৰ বাবে টেষ্ট শৃংখলা নেখেলে কোহলিয়ে
আঘাতেৰে জৰ্জৰিত ভাৰতীয় ক্ৰিকেট দল
আঘাতৰ বাবে টেষ্ট শৃংখলাৰ পৰা বাহিৰ শ্ৰেয়াছ আয়াৰ

১৫ ফেব্ৰুৱাৰীৰ পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত গুৰুত্বপূৰ্ণ টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ। শনিবাৰে বাকী থকা ৩খন টেষ্টৰ বাবে ভাৰতীয় দল ঘোষণা কৰিবলৈ সমস্যাত পৰিছিল BCCI।

অধিনায়ক ৰূপে ভাৰতক নেতৃত্বত দি যাব হিটমেন ৰোহিত শৰ্মাই

ৰোহিত শৰ্মাৰ লগত বেটাৰ হিচাপে দলত থাকিব

শুভমন গীল, যশস্বী জয়ছোৱাল, চৰফৰাজ খান আৰু ৰজত পাতিদাৰ
উইকেট-ৰক্ষক হিচাপে থাকিব ধ্ৰুৱ জুৰেল আৰু কে এছ ভাৰত
বলিঙৰ স্পীন বিভাগত অশ্বিনৰ লগতে টীম ইণ্ডিয়াত অক্ষৰ, কুলদীপ আৰু সুন্দৰ

পেচ বলিঙত থাকিব যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ আৰু আকাশ দ্বীপ

ভাৰতীয় A আৰু ঘৰুৱা ক্ৰিকেটত উন্নত প্ৰদৰ্শনৰ দাঙি ধৰাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিলে আকাশ দ্বীপে। ইপিনে, টীম ইণ্ডিয়াত কে এল ৰাহুল আৰু ৰবীন্দ্ৰ জাদেজা আছে যদিও তৃতীয়খন টেষ্টত দুয়োজনে খেলিব পাৰিব নে নাই সেয়া এতিয়াও অনিশ্চয়তাত। আঘাতৰ পৰা সম্পূৰ্ণভাৱে সুস্থ হ’লেহে ১৫ ফেব্ৰুৱাৰীত খেলিব বুলি জানিব পৰা গৈছে। আনহাতে,

ঘৰুৱা EMERGENCYৰ বাবে টেষ্ট শৃংখলা নেখেলে কোহলিয়ে

কোহলিৰ অবৰ্তমানত সমস্যা বাঢ়িছে টীম ইণ্ডিয়াত
১১৩খন টেষ্ট খেলা কোহলিয়ে ২৯টা শতৰানসহ কৰিছে ৮,৮৪৮ ৰান

উল্লেখ যে, ৫খনীয়া টেষ্ট শৃংখলাত বৰ্তমান দুয়োটা দলে এখনকৈ টেষ্ট জয়লাভ কৰি ১-১ত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছে। প্ৰথমখন টেষ্টত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত জয়লাভ কৰিছিল টীম ইণ্ডিয়াই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...