খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছে খেলুৱৈসকলৰ প্রতিভা বিকশাই তুলিবলৈ সক্ষম হ’বঃ মুখ্যমন্ত্রী

খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছ ২০২৩ অষ্টলক্ষ্মীৰ ল’গ’, সংগীত, মেছকট, জার্চি আৰু অগ্নিশিখাৰ শুভ উন্মোচন মুখ্যমন্ত্ৰীৰ

এই প্রতিযোগিতাৰ জৰিয়তে খেলুৱৈসকলে ক্রীড়া প্রতিভা বিকশাই তুলিবলৈ সক্ষম হ’বঃ মুখ্যমন্ত্রী

অসমৰ ক্রীড়াখণ্ডৰ এক নতুন অধ্যায়ৰ সূচনাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইণ্ডোৰ ষ্টেডিয়ামত ‘খেলো ইন্ডিয়া ইউনিভাৰচিটি গেমছ ২০২৩ অষ্টলক্ষ্মী’ৰ ল’গ’, সংগীত, মেছকট, জার্চি আৰু অগ্নিশিখাৰ শুভ উন্মোচন কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰে এই বছৰ ‘খেলো ইণ্ডিয়া ইউনিভাৰচিটি গেমছ ২০২৩ অষ্টলক্ষ্মী’ উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ লগতে কয় যে এই প্রতিযোগিতাৰ মাধ্যমেৰে অসম চৰকাৰ আৰু অসমৰ জনসাধাৰণক অৰিহণা আগবঢ়োৱাৰ বাবে সুযোগ প্রদান কৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলে এই খেল অনুষ্ঠিত কৰিব পাৰিব বুলি প্রধানমন্ত্রীৰ থকা বিশ্বাসৰ বাবেই অঞ্চলটোরে এই সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে লগতে কেন্দ্রীয় ক্রীড়া মন্ত্রী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্রীড়া, গৃহ পৰিক্ৰমা দপ্তৰৰ কেন্দ্রীয় বাজ্যিক মন্ত্রী নিশীথ প্রমাণিকক ধন্যবাদ জ্ঞাপন কৰে। বিভিন্ন বিশ্ববিদ্যালয়ৰ বহু খেলুৱৈৰ উপস্থিতিত ২০ টা ইভেন্টত এই প্রতিযোগিতা অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰে ১৬ টা ইভেন্ট অসম চৰকাৰে আয়োজন কৰিব। মুখ্যমন্ত্রীয়ে কয় যে এই গেমছৰ থীম ছঙে আমাৰ শক্তিৰ একতা, ধৈৰ্য্যক সৱলীকৰণৰ বিষয় অনুৰণিত কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ আগতে অসমে অতি সুন্দৰভাৱে ৰাষ্ট্রীয় গেমছ, ছার্ক গেমছ আয়োজন কৰিছে। মুখ্যমন্ত্রীয়ে আস্থা প্রকাশ কৰি কয় যে এইবাৰো এই প্রতিযোগিতা নিয়াৰিকৈ অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রীয়ে বিশ্ববিদ্যালয়ৰ খেলুৱৈসকলক অসমলৈ আহিবলৈ আহ্বান জনাই কয় যে এই প্রতিযোগিতাৰ জবিয়তে খেলুরৈসকলে নিজৰ ক্রীড়া প্রতিভাক বিকশাই তুলিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রীয়ে লগতে কয় অসম অতিথিপৰায়ণ ৰাজ্য। অসমৰ ৰক্তে বক্তে অতিথিপৰায়ণতা প্রবাহিত হৈ আছে। এই প্রতিযোগিতা

১৯ ফেব্ৰুৱাৰীত শুভ উদ্বোধন হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে অসমৰ জনসাধাৰণে খেলুৱৈসকলক উৎসাহিত কৰাৰ লগতে অসমৰ অতিথিপৰায়ণ মানসিকতাৰ সুবাস দেশৰ গাঁৱে-ভূঞে, বিশ্ববিদ্যালয়ৰ মাজলৈ বিয়পাই দিব লাগিব।

এই অনুষ্ঠানত যুৱ পৰিক্ৰমা আৰু ক্রীড়া, গৃহ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী নিশীথ প্রামাণিক, ক্রীড়া আৰু যুব কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছা, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্ৰহ্মা, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈ আৰু কর্মকর্তাসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

98 COMMENTS

Popular

More like this
Related

‍‍৫খনকৈ দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ইউনাইটেড আৰৱ এমিৰেটছ, নেডাৰলেণ্ড, চুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণলৈ...

আজি প্ৰ’টেম অধ্যক্ষৰূপে শপত লয় চন্দ্ৰমোহন পাটোৱাৰীয়ে

প্ৰ’টেম অধ্যক্ষৰূপে দায়িত্বভাৰ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ।বিধানসভাত দায়িত্বভাৰ গ্ৰহণ পাটোৱাৰীৰ।আজি...

মুকলি আকাশৰ তললৈ ছামিম আহমেদ

মুকলি আকাশৰ তললৈ ছামিম আহমেদছামিমৰ গাড়ীয়ে মঠঘৰীয়াত সংঘটিত কৰিছিল...

সীমা সমস্যা কংগ্ৰেছে সৃষ্টি কৰা সমস্যা: অতুল বৰা

বিভাগীয় দায়িত্ব লাভৰ পাছতেই প্ৰথম কাৰ্যসূচী মন্ত্ৰী অতুল বৰাৰ।অসম...