অসমে শিক্ষা, সংস্কৃতি, ক্রীড়াৰে আন্দোলনৰ এক নতুন পৰিভাষা বিচাৰি পাইছে: মুখ্যমন্ত্রী

0 61

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ চূড়ান্ত প্রতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমে এতিয়া শিক্ষা, সংস্কৃতি, ক্রীড়াৰে আন্দোলনৰ এক নতুন পৰিভাষা বিচাৰি পাইছে: মুখ্যমন্ত্রী

বাৰেৰহণীয়া সংস্কৃতি হৈছে অসমৰ আটাইতকৈ ডাঙৰ শক্তি: মুখ্যমন্ত্ৰী

অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ চূড়ান্ত প্রতিযোগিতাৰ ভিন্ন শাখাৰ ভিন্ন শিতানত শীর্ষস্থান লাভ কৰা প্রতিযোগীসকলক পুৰস্কাৰ প্ৰদান উপলক্ষে আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে। উল্লেখ্য যে জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, ভূপেন্দ্র সংগীত, ৰবীন্দ্র সংগীত, লোক-নৃত্য (দলীয়) আৰু বিহু নাচ (দলীয়) শিতানত এই প্রতিযোগিতাসমূহ ৰাজ্যজুৰি অনুষ্ঠিত হৈছিল।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে অসমৰ গাঁৱে-ভূঁঞে, চহবে- নগৰে থকা প্ৰতিভাসমূহৰ বিকাশৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰে বিগত বৰ্ষৰ ১০ নৱেম্বৰৰ পৰা অসম সাংস্কৃতিক মহাসংগ্রাম শীর্ষক কাৰ্যসূচী ৰূপায়িত কৰিছিল বুলি উল্লেখ কৰি কয় যে অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে পঞ্চায়তৰ পৰা ৰাজ্যিক পর্যায়লৈ তিনি মাহ ধৰি ৰাজ্যৰ ভিন্ন প্রান্তৰত অনুষ্ঠিত এই প্রতিযোগিতাই সাংস্কৃতিক পথাৰখনক জীপাল কৰিছিল আৰু বহু নৱপ্ৰজন্মৰ শিল্পীয়ে প্রথমবাৰৰ বাবে মঞ্চত প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সুযোগ পাইছিল। মুখ্যমন্ত্রীয়ে কয় যে এই প্রতিযোগিতাত অসমৰ প্ৰায় তিনি লাখৰো অধিক কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে অংশগ্রহণ কৰিছিল আৰু জিলা পৰ্যায়ৰ পৰা নিজ প্রতিভাবে উদ্ভাষিত হৈ ৰাজ্যিক পর্যায়ৰ প্রতিযোগিতাৰ সংগীত শাখাত ১১৬৬ গৰাকী আৰু নৃত্য শাখাত ৬১৪৬ গৰাকী শিল্পীয়ে অংশগ্রহণ কৰিছিল। ৰাজ্যখনত পূর্বতে এইধৰণৰ বৃহৎ পৰিসৰৰ প্ৰতিযোগিতা হোৱা নাছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে সংস্কৃতিয়ে সমাজত সমন্বয়ৰ সৃষ্টি কৰে। সংস্কৃতিক পূজা কৰিলে মানুহৰ মাজত একতা আৰু মানৱীয় প্রমূল্যৰ সৃষ্টি হয়। সেইবাবে এখন দেশৰ সভ্যতা সংস্কৃতিৰ ওপৰত নিৰ্ভৰশীল বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে দেশত যেতিয়া সংস্কৃতি জীপাল হৈ থাকে আৰু সকলোৱে সাংস্কৃতিক প্রতিভাসমূহক জীয়াই ৰখাৰ প্ৰয়াস কৰে তেতিয়া মানুহৰ মন পৱিত্ৰ হয়। প্ৰতিগৰাকী শিল্পী এক নিকা মনৰ অধিকাৰী বুলি মন্তব্য কৰি তেওঁ কয় যে শিল্পীসকল সমাজৰ এনে এক অংগ যাৰ মাজত প্রেম, কৰুণা আৰু মমতাৰ বাণী থাকে। সেইবাবে সাংস্কৃতিক মহাসংগ্ৰামৰ দৰে প্রতিযোগিতা আয়োজন কৰা হৈছে যাতে যুৱক-যুৱতীসকলৰ মাজত প্রেম, মমতা আৰু সমন্বয়ৰ অসম গঢ়াৰ বাবে সপোন থাকে। অসমৰ নৱপ্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ পৰিৱৰ্তে এই প্রতিযোগিতাৰ জৰিয়তে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক এটা দিশ দেখুওৱাৰ বাবে প্ৰয়াস কৰা হৈছিল বুলি মুখ্যমন্ত্রীয়ে কয়।

মুখ্যমন্ত্রীয়ে তেওঁ নিজে অধ্যয়ন কৰি থকাৰ সময়ত আন্দোলন, বন্ধ, ধর্ণা, বিক্ষোভে জনসাধাৰণৰ জীৱনক ভাৰাক্ৰান্ত কৰি ৰাখিছিল মন্তব্য কৰি কয় যে ভয় আৰু সন্ত্রাসৰ বাহিৰতো যে এটা জীৱন আছে সেয়া তেতিয়াৰ প্ৰজন্মই অনুভৱ কৰিব পৰা নাছিল। ইয়াৰ ফলত জাতিটো বহুগুণে পিছুৱাই যাবলগীয়া হৈছিল আৰু বহু সুপ্ত প্রতিভা হেৰাই গৈছিল। মুখ্যমন্ত্রীয়ে কয় যে বিগত বৰ্ষত ১১ হাজাৰৰো অধিক শিল্পীয়ে বাপতি সাহোন বিহুনৃত্য প্রদর্শন কৰিছিল আৰু সেই বিহুরে সমগ্র দেশবাসীৰ দৃষ্টি আকর্ষণ কৰিছিল। ইয়াৰ জৰিয়তে অসমীয়াই প্রমাণ কৰিছিল যে অসমে কৰিব নোৱাৰা কাম একো নাই। অসমে সকলো প্রত্যাহ্বান গ্রহণ কৰিব পাৰে আৰু বাধা নেওচি আগুৱাই যাব পাৰে। মুখ্যমন্ত্রীয়ে কয় যে এই সাংস্কৃতিক মহাসংগ্ৰামৰ জৰিয়তে ৰাজ্যৰ নৱপ্ৰজন্মই সুপ্ত প্রতিভা বিকাশৰ এক মঞ্চ গঢ়ি উঠিছে। মুখ্যমন্ত্রীয়ে কয় যে এতিয়াৰে পৰা ক্রীড়া বিভাগে এটা বছৰত খেল মহাৰণ অনুষ্ঠিত কৰিব আৰু পৰৱৰ্তী বছৰটোত সাংস্কৃতিক বিভাগে সাংস্কৃতিক মহাসংগ্ৰামৰ আয়োজন কৰিব। অহা বছৰ অসমত খেল মহাৰণ অনুষ্ঠিত কৰা হ’ব বুলিও সদৰি কৰি ২০২৫ বৰ্ষত পুনৰ সাংস্কৃতিক মহাসংগ্রাম অনুষ্ঠিত কৰা হ’ব। তেওঁ লগতে কয় যে সাংস্কৃতিক বিভাগে অসমৰ সংস্কৃতিক দেশৰ ভিন্ন প্রান্তলৈ লৈ যাব লাগিব। মহাবীৰ লাচিত বৰফুকনৰ আধাৰত নাট ৰচনা কৰি দেশৰ বিভিন্ন প্রান্তত সেই নাট প্রদর্শন কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তদুপৰি, ২০২৫ চনৰ এপ্ৰিলত ২৫ হাজাৰ কলা-কুশলী আৰু শিল্পীক লৈ নতুন দিল্লীত বিহু নৃত্য প্রদর্শন কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ লগতে কয় যে অসমৰ সাংস্কৃতিক মনটো জগতসভালৈ লৈ যাব লাগিব। অসমৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল অসমৰ বাৰেৰহণীয়া সংস্কৃতি। এই সংস্কৃতিৰ জৰিয়তে অসমক বিশ্বৰ বৰসভাত প্রতিষ্ঠা কৰিব পৰা যাব বুলিও তেওঁ মন্তব্য কৰে। সাংস্কৃতিক মহাসংগ্রাম, খেল মহাৰণ, অমৃত কলহ যাত্ৰাৰ জৰিয়তে অসমে গংগা স্নান কৰিলে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমে পুৰণি আন্দোলনৰ পৰিৱৰ্তে নতুন আন্দোলন কৰিবলৈ শিকিছে। শিক্ষা, সংস্কৃতি, ক্রীড়াবে আন্দোলনৰ এক নতুন পৰিভাষা বিচাৰি পোৱা গ’ল বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। এতিয়া অসমৰ মানুহে প্রকৃত আন্দোলনৰ পথেৰে আগুৱাই গৈছে। এই আন্দোলন অসমক মহাশক্তিত পৰিগণিত কৰাৰ আন্দোলন বুলিও তেওঁ অভিহিত কৰে।

আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্রী বিমল বড়া, হস্ততাঁত আৰু বস্ত্রশিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, চাহ জনজাতি কল্যাণ আদি বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, বিধায়সকল ক্রমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰূপজ্যোতি কুর্মী আৰু মানৱ ডেকা, গুৱাহাটীৰ পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, অসম চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্রবর্তী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষী দেবী নাথৰ উপৰি কেইবাগৰাকী বৰেণ্য শিল্পী আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.