চৰকাৰৰ বন সুৰক্ষাৰ শ্লোগানক এইবাৰ অংগুষ্ঠ প্ৰাক্তন বিধায়িকাৰ

এজোপা গছ ৰুই ছেলফি উঠক, চৰকাৰে দিব দহ হাজাৰ টকা
কিন্তু শাসকীয় পক্ষৰ মানুহ হ’লে যেন নিৰ্বিঘ্নে কাটি পেলাব পাৰে মূল্যবান গছ
ঘোঁৰা টোপনি মাৰি আছে নেকি চৰকাৰ-বন বিভাগে?

ঘটনাটো শুনক। কেতিয়াবা নাচি-বাগি, কেতিয়াবা বিধানসভাত টোপনিয়াই প্ৰায়ে চৰ্চাত থাকে এইগৰাকী সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ। কিন্তু আঙুলি টোৱাব কোনে? যিহেতু শাসনাধীস্থ চৰকাৰৰ প্ৰাক্তন বিধায়িকা তেওঁ। এইবাৰ তেওঁ এখোপ ওপৰলৈ উঠিল। নৱনীতা সন্দিকৈৰ নিজা বাগিছাত সংঘটিত হৈছে এই ঘটনা৷ নৱনীতা সন্দিকৈৰ সাপেখাতীৰ বৰুৱানগৰত স্থিত টিমনহাবি শাখা ক নামৰ ব্যক্তিগত চাহ বাগিছাত আছে বহু পুৰণি গছ-গছনি।

চৰকাৰৰ বন সুৰক্ষাৰ শ্লোগানক এইবাৰ অংগুষ্ঠ প্ৰাক্তন বিধায়িকাৰ
নৱনীতাই কটাই পেলালে শতবৰ্ষীয় এজোপা চাম গছ
বন বিভাগে গমেই নাপায়, নিৰ্বিঘ্নে বন ধ্বংস শাসকীয় দলৰ প্ৰাক্তন বিধায়িকাৰ

চাওক এই গছজোপা। বিশাল আকৃতিৰ এই গছজোপা কাটি পেলোৱা কাৰ্যক যিকোনো এজন প্ৰকৃতিপ্ৰেমীয়েই গণ্য কৰিব অপৰাধ অথবা পাপ হিচাপে। ক্ষমতাৰ অপ ব্যৱহাৰ কৰি নিশাৰে পৰা প্ৰকাণ্ড বটবৃক্ষ কটোৱাই থকাৰ পাছতো অৱগত নহয় বনবিভাগ। নৱনীতা সন্দিকৈৰ বাসগৃহত থকা নিৰাপত্তাত নিয়োজিত কামাণ্ডো ৰ এটি দ’ল লৈ পুত্ৰ কৰণ সন্দিকৈ ই গছ কটা স্থানত উপস্থিত হৈ গছ জোপা নিয়াৰ প্ৰস্তুতি চলাওঁতে একাংশ এজেৱাইচিপিৰ আৰু আন সংগঠনৰ নেতাৰ লগতে স্থানীয় একাংশ সচেতন লোকে বাধা আৰোপ কৰাৰ লগতে বন বিভাগক অৱগত কৰে৷ উক্ত স্থানত সাংবাদিকৰ এটি দ’ল উপস্থিত হোৱাৰ লগে লগে ঘটনাস্থলী ত্যাগ কৰিছিল কামাণ্ডোৰ দলটোৱে৷ ঘটনাস্থলীত বন বিভাগৰ দ’ল উপস্থিত হৈ গছ জোপা জব্দ কৰাৰ লগতে গছ কটা কাৰ্য্যত ব্যৱহাৰ কৰা মেছিন দুটাও জব্দ কৰে। এতিয়া কথা হল বিজেপিৰ মানুহ হলেই আইন উলংঘা কৰিব পাৰে নেকি?

অৱগত নহয় বুলি হাত সাৰিবলৈ চেষ্টা কৰা বন বিভাগে ঘোঁৰা টোপনি মাৰি থাকে নেকি? নৱনীতা সন্দিকৈক নাকি লগাবলৈ প্ৰশাসনৰ কলিজা আছেনে? নে একো কৰিবলৈ সাহস নহবই নেকি? সময়ে কব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...