বাংগালুৰুৰ CEO মাতৃৰ সন্তান হত্যাক লৈ চাঞ্চল্যকৰ তথ্য

নিজৰ ৪ বছৰীয়া কণমানি সন্তানটিক গাৰুৰে চেপি নৃশংসভাৱে হত্যা কৰিছিল বাংগালুৰুৰ এটা AI প্ৰতিষ্ঠানৰ CEO মাতৃয়ে। শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ ফাদিল হৈছে এই তথ্য। সম্ভৱতঃ টোপনিতে নীৰৱে মৃত্যুৰ কোলাত শুই পৰিছিল কণমানি শিশুটি। আৰক্ষীৰ মতে পুত্ৰ হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা চলাইছিল অভিযুক্ত ছুচনা শেঠে। মহিলাগৰাকীৰ মণিবন্ধনত আঘাতৰ চিন স্পষ্ট হৈ আছে। গোৱাৰ হোটেলৰ কোঠাৰ মজিয়া আৰু স্নানাগাৰত তাৰেই তেজৰ চেঁকুৰা দেখি আৰক্ষীক খবৰ দিছিল হোটেলৰ কৰ্মচাৰীয়ে। পুত্ৰৰ মৃতদেহ বেগত ভৰাই গোৱাৰ পৰা বাংগালুৰুলৈ গৈ থাকোঁতে ৮ জানুৱাৰীত গ্ৰেপ্তাৰ হৈছিল ছুচনা শেঠ।

কণমানি পুত্ৰ সন্তানক কোলাত লৈ হাঁহিমুখীয়া এই মহিলাগৰাকীৰ এই ফটোখনে বিগত ৪৮ ঘন্টাত দেশৰ প্ৰতিটো সংবাদ মাধ্যমৰে শিৰোনাম দখল কৰিছে। ফটোত থকা মহিলাগৰাকী ৩৯ বছৰীয়া ছুচনা শেঠ। কোলাত লৈ থকা এই পুত্ৰ সন্তানটিকে ৮ জানুৱাৰীৰ পুৱতি নিশা হত্যা কৰিলে মাকে।

গাৰুৰে চেপি পুত্ৰক হত্যা কৰিছিল অভিযুক্ত ছুচনা শেঠে
মুখমণ্ডল আৰু বুকু ফুলি গৈছিল কণমানি শিশুটিৰ
শিশুটিৰ নাকেৰে হৈছিল কিছু ৰক্তক্ষৰণ
টোপনিৰ পূৰ্বে খুৱাই দিয়া হৈছিল কেইবাবটল কফ চিৰাপ

৯ জানুৱাৰী, মঙলবাৰে শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত এই কথা সদৰি কৰিছে চিকিৎসকে। মাকে গাৰুৰে চেপি থাকোতে আত্মৰক্ষাৰ সুযোগেই নাপালে কণমানিটোৱে। কফ চিৰাপৰ নিচাত গভীৰ নিদ্ৰাত থকা শিশুটিয়ে টোপনিতে উশাহ নাপাই নীৰৱে মৃত্যুৰ কোলাত শুই পৰিছিল। হোটেলৰ কোঠাৰ পৰা গোৱা আৰক্ষীয়ে জব্দ কৰিছে কফ চিৰাপৰ কেইবাটাও খালী বটল।

অৱশ্যে গোৱা আৰক্ষীৰ তথ্য অনুসৰি পুত্ৰক হত্যা কৰি নিজেও আত্মহত্যাৰ চেষ্টা কৰিছিল ছুচনাই। মণিবন্ধনত চুৰীৰে ৰেপি নিজকে শেষ কৰি দিব খুজিছিল মহিলাগৰাকীয়ে। তাৰেই তেজৰ চেঁকুৰা মজিয়া আৰু স্নানাগাৰত পৰি ৰৈছিল। যি তেজৰ চেঁকুৰা দেখি আৰক্ষীক খবৰ দিছিল হোটেলৰ কৰ্মচাৰীয়ে।

স্বামীৰ সৈতে প্ৰায় চূড়ান্ত হোৱা বিবাহ বিচ্ছেদৰ পিছত আদালতৰ এক নিৰ্দেশক লৈ ভীষণ অসন্তুষ্ট আছিল বাংগালুৰুৰ এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰতিষ্ঠানৰ CEO ছুচনা শেঠ। ৬ ডিচেম্বৰৰ পৰা ৪ বছৰীয়া পু্ত্ৰ সহ গোৱাৰ এখন হোটেলৰ কোঠা ভাড়ালৈ লৈছিল ছুচনা শেঠে। ৮ ডিচেম্বৰত হোটেল এৰাৰ সময়ত লগত নাছিল কণমানি পুত্ৰ। এখন ইনোভা গাড়ীৰে গোৱাৰ পৰা বাংগালুৰুলৈ গৈ থাকোঁতে কৰ্ণাটকৰ আই মংগলম থানাত গ্ৰেপ্তাৰ হৈছিল ছুচনা। লগতে থকা এটা বেগৰ পৰা উদ্ধাৰ হৈছিল ৪ বছৰীয়া পুত্ৰৰ মৃতদেহ। সম্প্ৰতি গোৱা আৰক্ষীয়ে নিজৰ জিন্মাত লৈ মাৰাথন জেৰা চলাই আছে অভিযুক্ত মহিলাগৰাকীক।

পুত্ৰৰ মৃত্যুৰ খবৰ পাই ইণ্ডোনেছিয়াৰ পৰা আহি মঙলবাৰে বাংগালুৰুত উপস্থিত হৈছেহি অভিযুক্ত ছুচনাৰ স্বামী পি আৰ ভেংকট ৰমন। ৪ বছৰীয়া শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত মঙলবাৰে বাংগালুৰুতে সম্পন্ন হয় শেষকৃত্য।

খবৰ অনুসৰি বিগত ২০২৩ৰ আগষ্টত স্বামীৰ বিৰুদ্ধে গৃহ হিংসাৰ গোচৰো দিছিল ছুচনাই। এই অভিযোগ স্বামী ৰমনে অস্বীকাৰ কৰিছে। বিষয়টোক লৈ আদালতত শুনানি অব্যাহত আছে। ২৯ জানুৱাৰীত আছিল পৰৱৰ্তী শুনানি। কিন্তু শুনানিৰ পূৰ্বে নিজৰ সন্তানকে হত্যাৰ অভিযোগত অভিযুক্ত হ’ল ছুচনা শেঠ। বিবাহ বিচ্ছেদ প্ৰায় নিশ্চিত হোৱা দম্পতীটোৰ গোচৰক লৈ আদালতে এক নিৰ্দেশ দিছিল। এই নিৰ্দেশ অনুসৰি মাকৰ জিন্মাত থাকিব ৪ বছৰীয়া শিশুটি। কেৱল প্ৰতি সপ্তাহৰ দেওবাৰে শিশুটিক দেখা কৰিব পাৰিব পিতৃয়ে। এই পিছৰটো নিৰ্দেশ মানি লোৱা নাছিল ছুচনাই। পৰিণতিত নিজৰেই কণমানি সন্তানক গাৰুৰে চেপি নৃশংস হত্যা। নৃশংস, জঘন্য আৰু বৰ্বৰ। ভাষাৰে বুজাই ক’ব নোৱাৰি এই নৃশংসতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...