গুজৰাটত নেডাৰলেণ্ডৰ ৩.৬ বিলিয়ন ইউৰো বিনিয়োগৰ প্রস্তাৱ

গুজৰাটত অনুষ্ঠিত হৈছে Vibrant Gujarat Summit 2024

এই শীৰ্ষ সন্মিলনৰ দশম সংস্কৰণত ১০০খন দেশৰ অংশগ্রহণ

সন্মিলনৰ সহযোগী ৰাষ্ট্র হিচাপে ৩০খন দেশৰ অংশগ্রহণ

সহযোগী ৰাষ্ট্রৰ ভিতৰত অন্যতম হৈছে নেডাৰলেণ্ড

গুজৰাটত নেডাৰলেণ্ডৰ ৩.৬ বিলিয়ন ইউৰো বিনিয়োগৰ প্রস্তাৱ

নেডাৰলেণ্ডৰ এই বিশাল বিনিয়োগৰ প্রস্তাৱৰ আঁৰত আছে এজন অসমীয়া

গুজৰাটৰ ৰাজধানী গান্ধীনগৰত অনুষ্ঠিত হোৱা Vibrant Gujarat Summit 2024 ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে। বিশ্বৰ বিভিন্ন দেশে গুজৰাটত বিনিয়োগ কৰাৰ বাবে আগ্রহ প্রকাশ কৰি প্রস্তাৱ দিছে ৰাজ্যখনত আয়োজিত এই শীৰ্ষ বিনিয়োগ সন্মিলনত। গুজৰাটত বিনিয়োগৰ বাবে আগবাঢ়ি অহা দেশসমূহৰ ভিতৰত অন্যতম হৈছে নেডাৰলেণ্ড। নেডাৰলেণ্ড চৰকাৰে ভাৰতত বিনিয়োগৰ বাবে আগবঢ়াইছে ৩.৬ বিলিয়ন ইউৰো ব্যয়সাপেক্ষ বিভিন্ন প্ৰস্তাৱ।    

ভাৰতীয় মুদ্ৰাত ৩.৬ বিলিয়ন ইউৰো হৈছে ৩১,৮০৪ কোটি টকা

এই বিশাল বিনিয়োগ সম্ভৱ হৈছে এজন অসমীয়া ব্যক্তিৰ বাবে

ব্যক্তিজন অম্লান বৰা, যি বৰ্তমান ভাৰতস্থ নেডাৰলেণ্ডৰ মুখ্য বাণিজ্যিক প্ৰতিনিধি

নেডাৰলেণ্ডৰ বিনিয়োগ আৰু বাণিজ্য আয়ুক্তৰূপে কৰ্মৰত অম্লান বৰা

নেডাৰলেণ্ডৰ ৪৫টা কোম্পানীয়ে বিনিয়োগ কৰিব বিচাৰিছে ভাৰতত

প্রধানমন্ত্ৰী নৰেন্দ্র মোদীৰ সৈতেও সাক্ষাৎ হৈছে অম্লান বৰাৰ

অম্লান বৰাই সাংবাদিকক জনোৱা মতে, নেডাৰলেণ্ডৰ কোম্পানীসমূহে গুজৰাটৰ লগতে ভাৰতৰ বিভিন্ন প্রান্তত খাদ্য সংশাধন, পুনৰ ব্যৱহাৰযোগ্য শক্তি, আৱৰ্জনা মেনেজমেণ্ট, IT আদি খণ্ডত বিভিন্নধৰণৰ উদ্যোগ স্থাপন কৰিব বিচাৰিছে। অচিৰেই এইমৰ্মে গুজৰাট চৰকাৰৰ সৈতে এই কোম্পানীসমূহৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ’ব। গুজৰাটৰ ১৫৮জনীয়া প্ৰতিনিধিৰ দলটোৱে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্র পেটেলকো এই সন্দৰ্ভত সাক্ষাৎ কৰিব।  

২০২২-২৩ত ভাৰতত পঞ্চম বৃহৎ বিদেশী বিনিয়োগকাৰী নেডাৰলেণ্ড

এই বিত্তীয় বৰ্ষত নেডাৰলেণ্ডৰ কোম্পানীৰ ভাৰতত বিনিয়োগ ২.৪৯ বিলিয়ন ডলাৰ

ভাৰতীয় মুদ্রাৰ হিচাপত এই পৰিমাণ ১৯,৮৫৫ কোটি টকা

নেডাৰলেণ্ডৰ বৃহৎ প্ৰতিষ্ঠান DSM-Firmenichএ গুজৰাটত বিনিয়োগ কৰিব ৮০ নিযুত ইউৰো

’৩০ৰ ভিতৰত নেডাৰলেণ্ডৰ ১১টা কোম্পানীয়ে ভাৰতত নিয়োজিত কৰিব ১২,০০০ স্থানীয় লোকক

এই কোম্পানীসমূহে ভাৰতত বিনিয়োগ কৰিব ৪.৫ বিলিয়ন ইউৰো

ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ প্রায় ৪০,০০০ কোটি টকা

অম্লান বৰাই লগতে জনোৱা মতে, বৰ্তমান ভাৰতত ৩০০টা নেডাৰলেণ্ডৰ কোম্পানীৰ উপস্থিতি আছে। সেইদৰে নেডাৰলেণ্ডত ২৫০ ভাৰতীয় কোম্পানীয়ে কাৰ্যালয় স্থাপন কৰিছে। অসম সন্তান অম্লান বৰাই অসমতো নেডাৰলেণ্ডৰ কোম্পানীৰ বিনিয়োগ অনাৰ বাবে চেষ্টা কৰি আছে। অসম চৰকাৰে সঁহাৰি জনালে অসমলৈও আহিব পাৰে নেডাৰলেণ্ডৰ বৃহৎ পুঁজিৰ বিনিয়োগ। 

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...