‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ

‘ডেমেজ কণ্ট্ৰ’ল’ৰ বাবে তৎপৰ মালদ্বীপ চৰকাৰ
ভাৰতলৈ আহি আছে ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু!
পৰ্যটকৰ বাবে লাক্ষাদ্বীপ মালদ্বীপৰ বিকল্প হৈ উঠাৰ সম্ভাৱনা
লাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটাৰ দুখন বিলাসী হোটেল

মালদ্বীপৰ তিনি মন্ত্ৰীয়ে ভাৰতবিৰোধী মন্তব্য কৰাৰ পিছত দ্বীপৰাষ্ট্ৰখনত এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে। ভাৰতৰ প্ৰতি আনুগত্য ৰখা বিৰোধী দলৰ প্ৰতিবাদ আৰু অৰ্থনৈতিক কাৰণত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুয়ে তিনি মন্ত্ৰীক অপসাৰণ কৰে। ইয়াতো পৰিস্থিতি ক্ষান্ত হোৱা নাই। মালদ্বীপ ভ্ৰমণৰ বাবে সাজু হোৱা হাজাৰ হাজাৰ ভাৰতীয় পৰ্যটকে বাতিল কৰিছে মালদ্বীপ ভ্ৰমণ। এনে পৰিস্থিতিয়ে মালদ্বীপ চৰকাৰক বেকফুটলৈ ঠেলি দিছে। এনে পৰিস্থিতিত ভাৰতলৈ অহাৰ মন ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু।

দুই দেশৰ সম্পৰ্কত ফাট মেলাৰ বাবেই এই ভ্ৰমণৰ প্ৰস্তাৱ

ৰাষ্ট্ৰপতি মইজ্জুৰ এই প্ৰস্তাবৰ প্ৰতি অৱশ্যে বৰ্তমানলৈ ভাৰতে কোনো সহাৰি দিয়া নাই। কিন্তু মইজ্জুৰ ভাৰত ভ্ৰমণ সম্ভব হ’লেও দুই দেশৰ মাজত ই কিমান প্ৰভাব পেলাব তাত সন্দেহ আছে। ইফালে মালদ্বীপৰ তিনি মন্ত্ৰীয়ে লাক্ষাদ্বীপ ভ্ৰমণক লৈ প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰাৰ লগে লগে তুংগত উঠিল দুই দেশৰ বিবাদ। পৰ্যটকৰ বাবে লাক্ষাদ্বীপক মালদ্বীপৰ বিকল্প হিচাপে গঢ়ি তোলাৰ যেন যুদ্ধ কালীল তৎপৰতা আৰম্ভ হৈ গ’ল। লাক্ষাদ্বীপৰ বিভিন্ন স্থানত ওললিল প্ৰধানমন্ত্ৰী মোদীৰ হৰ্ডিং।

মাত্ৰ ৩২ বৰ্গ কিলোমিটাৰ এলেকাৰ লাক্ষাদ্বীপৰ ৩৬ দ্বীপ প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত। আৰব সাগৰৰ বুকুত বিদ্যমান লাক্ষাদ্বীপলৈ সহজ যোগাযোগৰ পথ বিমান, হেলিকপ্তাৰ। পৰ্যটনৰ বাবে এক আকৰ্ষণীয় কেন্দ্ৰ। মালদ্বীপৰে ভাৰতৰ সংঘাতে অধিক চৰ্চালৈ আনিছে লাক্ষাদ্বীপক। যোৱা কেইটামান দিনত ইণ্টাৰনেটত ৩০০ গুণ বৃদ্ধি পাইছে চাৰ্চ।

লাক্ষাদ্বীপত নিৰ্মাণ হ’ব টাটা দুখন বিলাসী হোটেল

বৰ্তমান লাক্ষাদ্বীপৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ উজৰা মছজিদ, কাভাৰাট্টি একুৰিয়াম আদি। কিছুদিনৰ ভিতৰত লাক্ষাদ্বীপ অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...

‘ভাৰতৰ অস্ত্ৰই কাম কৰিলে, চীনৰ অস্ত্ৰ-শস্ত্ৰই কাম নকৰিলে’: আমেৰিকাৰ শীৰ্ষ বিশেষজ্ঞ

অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ স্থানীয়ভাৱে নিৰ্মিত অস্ত্ৰ-শস্ত্ৰৰ সফলতাই বিশ্বৰ...

অপাৰেচন সিন্দূৰ : ভাৰতৰ কি কি লাভ হ’ল?পাকিস্তানে কি কি হেৰুৱালে?

ভাৰত চৰকাৰৰ সূত্ৰৰ উদ্ধৃতিৰে টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি,...

IPLৰ বাকী থকা মেচৰ বাবে অষ্ট্ৰেলিয়াৰ পৰা ঘূৰি আহিবলৈ ইচ্ছুক নহয় বহু খেলুৱৈ

ভাৰত-পাক সীমান্ত সংঘৰ্ষৰ বাবে এই মুহূৰ্তত উপমহাদেশৰ পৰিস্থিতি উত্তপ্ত।...