২০ জানুৱাৰীত অমিত শ্বাহে উদ্বোধন কৰিব পাণবজাৰৰ ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প

গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২০ জানুৱাৰীত পাণবজাৰত নিৰ্মিয়মান ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। আজি বিয়লি গুৱাহাটীৰ পাণবজাৰত উপস্থিত হৈ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে এই কথা জানিবলৈ দিয়ে। অভিলাষী প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে উক্ত স্থানত নিৰ্মাণকাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰ বুজ লৈ তেওঁ উদ্যানৰ চূড়ান্ত পৰ্যায়ৰ কাম-কাজ নিৰীক্ষণ কৰে আৰু কৰ্তব্যত নিয়োজিত ঠিকাদাৰ আৰু কৰ্মীসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ মানসেৰে চহৰখনৰ আন্তঃগাথঁনি সবলীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুতো অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই পৰিদৰ্শন কালত মন্ত্ৰী সিংহলৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়-ববীয়াসকল তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্বকাপৰ মাজতে পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যু! নেদাৰলেণ্ডৰ ক’ডি গাকপোৱে শোকৰ মাজতে খেলিছে বিশ্বকাপ ফুটবল

বিশ্বকাপৰ মাজভাগত দুঃখবৰ। পত্নীৰ গৰ্ভস্থ সন্তানৰ মৃত্যুৰ শোকৰ সৈতে...

ছ’চিয়েল মিডিয়াত ভাইৰেল অফাৰ, ১ টকাৰ SALEৰ বাবে মুম্বাইত হাহাকাৰ

মুম্বাইৰ মালাডস্থিত ইনফিনিটি মলত শনিবাৰে এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি...

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...