গোৱালপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

গোৱালপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলৰ হেক্টৰে হেক্টৰে ভূমি দীৰ্ঘদিনে বেদখল কৰি থকা অৰ্ধশতাধিক পৰিয়ালক কৰা হ’ল উচ্ছেদ। ন্যায়ালৰ নিৰ্দেশত খাচ ভূমিত উচ্ছেদ নহ’লেও বন ভূমি কৰা হ’ল বেদখলমুক্ত। প্ৰশাসনৰ জাননী লাভৰ পিছতে একাংশই স্বেচ্ছাই দখলীকৃত ভূমি এৰি যোৱাৰ বিপৰীতে আন একাংশই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।

চলিল প্ৰশাসনৰ বুলড’জাৰ
উঠিল কান্দোনৰ ৰোল
উচ্ছেদস্থলীত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি
‍‍বেদখলমুক্ত হ’ল পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলৰ ৫ হেক্টৰ ভূমি

প্ৰায় ৪০ বছৰে পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলত চলা বেদখল বুদবাৰে উচ্ছেদ কৰে গোৱালপাৰা প্ৰশাসনে। পূৰ্বেই বেদখলকাৰীৰ দিয়া হৈছিল উচ্ছেদৰ জাননী। জাননী লাভৰ পিছতে বহু দৰিদ্ৰ পৰিয়ালে নিজেই ঘৰ ভাঙি স্থানান্তৰ হ’ল। তাৰ মাজতে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাচ মাটিত উচ্ছেদ স্থগিত ৰখাৰ বাবে দিয়ে নিৰ্দেশ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বুধবাৰে বনাঞ্চলৰ মাটিত চলিল উচ্ছেদ। বিশাল আৰক্ষী বাহিনী লৈ প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়তে সৃষ্টি হ’ল উত্তেজনাৰ। একাংশ উচ্ছেদিতৰ দাবী উচ্ছেদ চলোৱা ভূমি বন বিভআগৰ নহয়। কাৰণ দীৰ্ঘদিনে এই মাটিৰ খাজনা দি আহিছে তেওঁলোকে। চৰকাৰেই এই স্থান নিৰ্মাণ কৰি দিছে প্ৰধানমন্ত্ৰীৰ আৱাস জোযনাৰ ঘৰ। চৰকাৰীভাৱে দিয়া হৈছে বিদ্যুতৰ যোগান। নিৰ্মাণ কৰা হৈছে জলজীৱন মিছনৰ আঁচনি।

ইফালে হাড় কঁপোৱা জাৰত চলা উচ্ছেদৰ ফলত হাহাকাৰ লাগিছে উচ্ছেদিতৰ। কণ কণ শিশুক লৈ এতিয়া ক’লৈ যাব বুলি প্ৰশ্ন কৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত। কিন্তু থমকি নৰ’ল অভিযানকাৰীৰ দল। বনভূমি বেদখল কৰা ৫০টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে। বুধবাৰে পঞ্চৰত্ন আৰু হুৰকাকুছিত বেদখল মুক্ত কৰা হ’ল ৫ হেক্টৰ বন বিভাগৰ ভূমি।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...