গোৱালপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

গোৱালপাৰাত পুনৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলৰ হেক্টৰে হেক্টৰে ভূমি দীৰ্ঘদিনে বেদখল কৰি থকা অৰ্ধশতাধিক পৰিয়ালক কৰা হ’ল উচ্ছেদ। ন্যায়ালৰ নিৰ্দেশত খাচ ভূমিত উচ্ছেদ নহ’লেও বন ভূমি কৰা হ’ল বেদখলমুক্ত। প্ৰশাসনৰ জাননী লাভৰ পিছতে একাংশই স্বেচ্ছাই দখলীকৃত ভূমি এৰি যোৱাৰ বিপৰীতে আন একাংশই সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।

চলিল প্ৰশাসনৰ বুলড’জাৰ
উঠিল কান্দোনৰ ৰোল
উচ্ছেদস্থলীত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতি
‍‍বেদখলমুক্ত হ’ল পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলৰ ৫ হেক্টৰ ভূমি

প্ৰায় ৪০ বছৰে পঞ্চৰত্ন সংৰক্ষিত বনাঞ্চলত চলা বেদখল বুদবাৰে উচ্ছেদ কৰে গোৱালপাৰা প্ৰশাসনে। পূৰ্বেই বেদখলকাৰীৰ দিয়া হৈছিল উচ্ছেদৰ জাননী। জাননী লাভৰ পিছতে বহু দৰিদ্ৰ পৰিয়ালে নিজেই ঘৰ ভাঙি স্থানান্তৰ হ’ল। তাৰ মাজতে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে খাচ মাটিত উচ্ছেদ স্থগিত ৰখাৰ বাবে দিয়ে নিৰ্দেশ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বুধবাৰে বনাঞ্চলৰ মাটিত চলিল উচ্ছেদ। বিশাল আৰক্ষী বাহিনী লৈ প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়তে সৃষ্টি হ’ল উত্তেজনাৰ। একাংশ উচ্ছেদিতৰ দাবী উচ্ছেদ চলোৱা ভূমি বন বিভআগৰ নহয়। কাৰণ দীৰ্ঘদিনে এই মাটিৰ খাজনা দি আহিছে তেওঁলোকে। চৰকাৰেই এই স্থান নিৰ্মাণ কৰি দিছে প্ৰধানমন্ত্ৰীৰ আৱাস জোযনাৰ ঘৰ। চৰকাৰীভাৱে দিয়া হৈছে বিদ্যুতৰ যোগান। নিৰ্মাণ কৰা হৈছে জলজীৱন মিছনৰ আঁচনি।

ইফালে হাড় কঁপোৱা জাৰত চলা উচ্ছেদৰ ফলত হাহাকাৰ লাগিছে উচ্ছেদিতৰ। কণ কণ শিশুক লৈ এতিয়া ক’লৈ যাব বুলি প্ৰশ্ন কৰি কান্দোনত ভাগি পৰিল উচ্ছেদিত। কিন্তু থমকি নৰ’ল অভিযানকাৰীৰ দল। বনভূমি বেদখল কৰা ৫০টা পৰিয়ালক উচ্ছেদ কৰিলে প্ৰশাসনে। বুধবাৰে পঞ্চৰত্ন আৰু হুৰকাকুছিত বেদখল মুক্ত কৰা হ’ল ৫ হেক্টৰ বন বিভাগৰ ভূমি।

NKTV Digital
Author: NKTV Digital

4 COMMENTS

  1. I like the valuable information you provide to your articles. I will bookmark your blog and check again right here regularly. I’m fairly sure I will learn many new stuff right here! Best of luck for the next!

  2. Профессиональный сервисный центр по ремонту техники в Уфе.
    Мы предлагаем: Сколько стоит отремонтировать монитор GIGABYTE
    Наши мастера оперативно устранят неисправности вашего устройства в сервисе или с выездом на дом!

  3. Предлагаем услуги профессиональных инженеров офицальной мастерской.
    Еслли вы искали ремонт холодильников gorenje рядом, можете посмотреть на сайте: ремонт холодильников gorenje
    Наши мастера оперативно устранят неисправности вашего устройства в сервисе или с выездом на дом!

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ট্ৰাম্পৰ ‘বৃহৎ, সুন্দৰ বিল’ আইনত পৰিণত হ’লে ভাৰতলৈ ধন পঠিয়াবলৈ অতিৰিক্ত কৰ দিব লাগিব!

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নতুন অস্ত্ৰ ‘বিশাল সুন্দৰ বিল’ (ওৱান বিগ...

বিলাসী জীৱনশৈলী, সঘনাই বিদেশ ভ্ৰমণ! কোনে তাৰ বাবে ধন দিছিল জ্যোতি মালহোত্রাক?

দেশ-বিদেশত ঘূৰি ফুৰি জ্যোতি মালহোত্ৰা বিলাসবহুল হোটেলত থাকিছিল। বিমানৰ...

আইন অনুসৰি এজন ব্যক্তিয়ে ঘৰত কিমান নগদ ধন ৰাখিব পাৰে?

ৰাজনৈতিক নেতা বা উদ্যোগপতিৰ ঘৰত আয়কৰ বিভাগ, চিবিআই বা...

বাংলাদেশী সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে; আলোচনাত বহিব বিচাৰিছে ইউনুছ চৰকাৰে

ভাৰত চৰকাৰে স্থলপথৰ জৰিয়তে বাংলাদেশৰ একাধিক পণ্যৰ আমদানি বন্ধ...