বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি; কি এই ১৬৩ নং ধাৰা?

বাক্সা জিলা কাৰাগাৰৰ সমীপত BNSৰ ১৬৩ নং ধাৰা জাৰি। উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনৰ এই নিৰ্দেশনা। ইতিমধ্যে ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা বাক্সালৈ নিয়া হৈছে নিৰাপত্তাৰক্ষী।

BNSৰ ১৬৩ নং ধাৰা কি?

ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (ধাৰা ১৬৩) ভাৰতত ১ জুলাই, ২০২৩ তাৰিখে কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰা (ফৌজদাৰী প্ৰক্ৰিয়া সংহিতা) নামেৰে জনাজাত আছিল। ১৬৩ নং ধাৰাত দেশ বা যিকোনো ৰাজ্যত জৰুৰীকালীন অৱস্থা আৰু বৃহৎ অশান্তি নিয়ন্ত্ৰণৰ ব্যৱস্থা আছে।

১৬৩ নং ধাৰা কেনেকৈ কাৰ্যকৰী কৰা হয়?

যদি কোনো ৰাজ্য বা দেশত ১৬৩ ধাৰা কাৰ্যকৰী কৰা হয় তেন্তে ৰাজহুৱা স্থানত সমবেত হোৱাটো নিষিদ্ধ। প্ৰতিবাদো নিষিদ্ধ। কোনোবাই প্ৰতিবাদ কৰিলে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰে।

তৎকালীন ব্যৱস্থা লব পাৰে জিলা দণ্ডাধীশে

কোনোবাই যদি এই নিয়মসমূহ উলংঘা কৰি ৰাজহুৱা স্থানত গোট খায় বা প্ৰতিবাদ কৰে তেন্তে জিলা দণ্ডাধীশে তৎকালীন ব্যৱস্থা ল’ব পাৰে। এই ধাৰাত ব্যৱস্থা গ্ৰহণ কৰাৰ সম্পূৰ্ণ ক্ষমতা তেওঁলোকৰ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...