ৰহস্যজনকভাৱে কলকাতাত হত্যা ভাস্কৰ্য শিল্পী সূৰ্য কুমাৰ শইকীয়াক

হাতত বিশ্বকৰ্মা বিৰাজ কৰা বুলি যে কয়, তেনেধৰণৰ এজন শিল্পী। শিল্পত সমৃদ্ধি থকা বুলি যে কয়, তেনেধৰণৰ এজন শিল্পকৰ্মী। এখন গাঁৱৰ অমায়িক, সৰবৰহী যুৱক তেওঁ। নাম আছিল সূৰ্য! নিৰ্বাপিত হল সেই সূৰ্য।

এখন গাঁৱত এতিয়া কেৱল আৰু কেৱল কান্দোনৰ ৰোল। এটা মৃতদেহ আহি পাইছেহি কলকাতাৰ পৰা। মাতৃৰ বুকু শুদা কৰি গুছি গৈছে এজন সম্ভৱনাময় পুত্ৰ। যুৱকজনৰ নাম সূৰ্য কুমাৰ শইকীয়া। যুৱকজনৰ ঘৰ লখিমপুৰ বছাচুকত। তেওঁৰ নিচা আৰু পেচা আছিল কেৱল আৰু কেৱল শিল্প। এজন সুনিপুণ ভাস্কৰ্য শিল্পী আছিল সূৰ্য কুমাৰ শইকীয়া। ঠায়ে ঠায়ে ভাস্কৰ্য শিল্প নিৰ্মাণৰ নামত ঘূৰি ফুৰিছিল তেওঁ। কামৰ প্ৰতি তেওঁৰ আছিল একাগ্ৰতা আৰু হেঁপাহ।

ৰহস্যজনকভাৱে কলকাতাত হত্যা ভাস্কৰ্য শিল্পী সূৰ্য কুমাৰ শইকীয়াক। এটা নলাত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি আছিল সূৰ্য। মৃত্যুৰ আগলৈকে লৈ আছিল ঘন ঘন উশাহ! মৃতদেহ কলকাতাৰ পৰা স্বগৃহলৈ আনিবলৈও পৰিয়ালটোৰ হাতত হৈছিল অৰ্থৰ অভাৱ। অৱশেষত ৰাইজৰ সহযোগত অনা হল মৃতদেহ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেনেকৈ! কোনে! আৰু কিয়! কোনে হত্যা কৰিলে এটা উঠি অহা সম্ভাৱনাক। কি আছে ৰহস্য?

তেওঁলোকক ন্যায় লাগে। বাৰে বাৰে বহি:ৰাজ্যত কিয় নিৰ্যাতনৰ বলি হয় অসমৰ যুৱক-যুৱতী? কিয় হত্যা কৰা হয় তেওঁলোকক? আইন-কানুন শিথিল নেকি অসমৰ যুৱক-যুৱতীৰ নিৰাপত্তাৰ ক্ষেত্ৰত? এই প্ৰশ্নবোৰে আকৌ এবাৰ উকমুকনি দিছে। এজন ভাস্কৰ্য শিল্পীক হত্যা কৰিবলৈ কাৰ কি অভিপ্ৰায় থাকিব পাৰে! তদন্ত লাগে আত্মীয়ক। তদন্ত লাগে অসমবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...