পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ-নামঘৰ সমূহ

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। পবিত্ৰ ভাদ মাহ উপলক্ষে মাহযোৰা নামৰ আয়োজন। নামঘৰে নামঘৰে এগচি চাকি এখনি শৰাই নৈবেদ্য আগবঢ়াই গুৰুৰ চৰণত আশীষ ল’লে ভক্তই। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো অগনন ভক্তৰ আগমন। মাহযোৰা পালনাম উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিছে হাজাৰ হাজাৰ লোক। ধূপ, দ্বীপ, নৈবেদ্য আগবঢ়াই নেদেখাজনৰ চৰণত আশিষ লৈছে প্ৰতিজন ভক্তই। আয়তীৰ নামেৰে মুখৰ ঢেকীয়াখোৱা বৰনামঘৰ। ভকত বৈষ্ণৱ সকলেও নিৰন্তৰ লৈছে হৰি নাম। হৰিনামৰ অমিয়া সুধাত জীপাল ঢেকীয়াখোৱা বৰনামঘৰ।

ইপিনে শনিবাৰে বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ মহাসমাৰোহ পালন। গুৰুজনাৰ স্মৃতিত আয়োজন কৰা মহোৎসৱত ভক্তসকলৰ উপস্থিতি আছিল লক্ষণীয়। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত মাধৱদেৱ দ্বাৰা ৰচিত ‘অৰ্জুন ভঞ্জন’ নাটকখন প্ৰদৰ্শিত হয়। এই নাট চাবলৈ বহু লোকৰ সমাগম হয় সত্ৰ প্ৰংগনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...