পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত সত্ৰ-নামঘৰ সমূহ

হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ। পবিত্ৰ ভাদ মাহ উপলক্ষে মাহযোৰা নামৰ আয়োজন। নামঘৰে নামঘৰে এগচি চাকি এখনি শৰাই নৈবেদ্য আগবঢ়াই গুৰুৰ চৰণত আশীষ ল’লে ভক্তই। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো অগনন ভক্তৰ আগমন। মাহযোৰা পালনাম উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহিছে হাজাৰ হাজাৰ লোক। ধূপ, দ্বীপ, নৈবেদ্য আগবঢ়াই নেদেখাজনৰ চৰণত আশিষ লৈছে প্ৰতিজন ভক্তই। আয়তীৰ নামেৰে মুখৰ ঢেকীয়াখোৱা বৰনামঘৰ। ভকত বৈষ্ণৱ সকলেও নিৰন্তৰ লৈছে হৰি নাম। হৰিনামৰ অমিয়া সুধাত জীপাল ঢেকীয়াখোৱা বৰনামঘৰ।

ইপিনে শনিবাৰে বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ মহাসমাৰোহ পালন। গুৰুজনাৰ স্মৃতিত আয়োজন কৰা মহোৎসৱত ভক্তসকলৰ উপস্থিতি আছিল লক্ষণীয়। বৰপেটা সত্ৰৰ দালানৰ সন্মুখত মাধৱদেৱ দ্বাৰা ৰচিত ‘অৰ্জুন ভঞ্জন’ নাটকখন প্ৰদৰ্শিত হয়। এই নাট চাবলৈ বহু লোকৰ সমাগম হয় সত্ৰ প্ৰংগনত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...