আজিও প্ৰতিবাদত উত্তাল ধিং

ধিঙৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে আৰু নাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ধিংসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। কিশোৰীত জড়িত থকা তফাজ্জুল ইছমাইল নামৰ মূল অভিযুক্তটোৰ মৃত্যু হৈছে যদিও আন দুই অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে। দুই অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবীত ধিঙৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী চলাই আছে নাৰীশক্তি আৰু ছাত্ৰ সংগঠনে।

প্ৰতিবাদকাৰীৰ দাবী ধিঙলৈ আহক মুখ্যমন্ত্ৰী। ইফালে দেওবাৰৰ পৰা ছাত্ৰ সন্থা, নাৰী সমাজ, বজাৰ সমিতি আদি অনুষ্ঠানে উঠাই লৈছে ধিং বন্ধৰ কাৰ্যসূচী। দোকান-পোহাৰ খোলা হৈছে।

ধিঙৰ জঘন্য কাণ্ডৰ প্ৰতিবাদত ৰাজ্য আন স্থানতো বিভিন্ন সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী। কলকাতা আৰু ধিঙৰ ঘটনাৰ প্ৰতিবাদত কাছাৰৰ কালাইনত ওলাল মহিলাৰ সমদল৷ হাতে হাতে প্লে–কাৰ্ড আৰু ফাঁচি ৰছী লৈ ৰাষ্ট্ৰীয় ঘাইপথত উত্তাল কৰিলে প্ৰতিবাদী মহিলাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰামৰ চৰিত্ৰত ছলমান, সীতাৰ চৰিত্ৰত সোণালী বেন্দ্ৰে! ৰণবীৰৰ ‘ৰামায়ণ’ৰ মুক্তিৰ পূৰ্বে নতুন চৰ্চা

ৰামৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ কাপুৰে। ইতিমধ্যে ছবিখনৰ প্ৰমোচনৰ...

ওঁঠ ফুলিছে, বিষত চকুপানী ওলাইছে! উৰ্ফীৰ কি হৈছে?

অভিনৱ কায়দাৰ পোছাক পৰিধান কৰি সকলোকে চমক দিয়ে উৰ্ফী...

আফ্ৰিকাতো সফল হৈছে ট্ৰাম্পৰ মধ্যস্থতা! কাটাৰত যুদ্ধবিৰতি চুক্তিত উপনীত ডি আৰ কংগো চৰকাৰ-বিদ্ৰোহীৰ

শনিবাৰে কাটাৰৰ ৰাজধানী দোহাত আমেৰিকাৰ মধ্যস্থতাত মধ্য আফ্ৰিকাৰ দেশ...

ভাৰত সীমান্তৰ সমীপত ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে

ভাৰত সীমান্তৰ সমীপৰ তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বিশ্বৰ সবাতোকৈ...