গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি

সংকটত খিলঞ্জীয়া। গোৱালপাৰাৰ মাটিয়াত খিলঞ্জীয়ালৈ ভাবুকি।অঞ্চলটোৰ বহু কৃষিভূমি বেদখলকাৰীৰ কবলত। শংকিত মাটিয়াবাসী। চৰকাৰী মুগা চোমনি বাগানৰ কাষৰ মাটি এতিয়া বেদখলকাৰীৰ কবলত। নিশাটোৰ ভিতৰতেই মাটি দখল কৰি সাজিছে ঘৰ। দ’ কৃষি ভূমিত ঘৰ সাজি বসতিস্থল গঢ়িছে সন্দেহজনক লোকে। এই সন্দেহজনক লোকসকলক শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী স্থানীয়ৰ।

বেদখলকাৰীয়ে ইমানতে ক্ষান্ত নাথকি ইতিমধ্যেই চৰকাৰী মুগা চোমনিৰ ৭৫ শতাংশ মাটি দখল কৰি ঘৰ সাজিছে। ইপিনে স্থানীয় লোকৰ অভিযোগ সন্দেহজনক লোকৰ দ্বাৰা মাটিয়া অঞ্চলত সঘনাই সংঘটিত হৈছে চুৰি, ডকাইতি, ধৰ্ষণৰ দৰে ঘটনা৷ অভিযোগ অনুসৰি এই অঞ্চলত কিছুদিন পূৰ্বে এগৰাকী ৭০ বছৰীয়া মহিলাক ধৰ্ষণ কৰা হৈছিল৷ ইতিমধ্যে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷

সেয়ে ৰাইজে এই সন্দেহজনক লোকসকলক শীঘ্ৰেই উচ্ছেদ কৰাৰ দাবী জনাইছে চৰকাৰ প্ৰশাসনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...