শিশু দুটিক SEX TOY হিচাপে ব্যৱহাৰ কৰিছিল সংগীতা, ৱালিউলে…

নিজৰ তোলনীয়া শিশুক নিৰ্যাতনৰ সকলো সীমা চেৰাই গৈছিল গুৱাহাটীৰ দুই চেলেব্ৰিটী চিকিৎসক ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে। ৩ বছৰীয়া কন্যা সন্তানটিৰ গুপ্তাংগত দম্পতীয়ে লগাই দিছিল গৰম ইস্ত্ৰি। শিশু দুটিক ‘ছেক্স টয়’ অৰ্থাৎ যৌন পুতলা হিচাপে ব্যৱহাৰ কৰিছিল দুয়ো। আৰক্ষী জিন্মাত দুয়োকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে। জেৰাত বিসংগতিপূৰ্ণ তথ্যৰে আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা ডাঃ সংগীতাৰ। নিশা লকআপত মনৰোগ বিশেষজ্ঞ গৰাকীৰ উন্মাদনা আৰু উদ্ভণ্ডালি দেখি অতিষ্ঠ হৈ পৰিছে পাণবজাৰ আৰক্ষী।

চিকিৎসকৰ মুখাধাৰী ২ নৰাধমৰ কাণ্ডত স্তম্ভিত সকলো

ডাঃ সংগীতা আৰু ডাঃ ৱালিউলক পৃথকে পৃথকে জেৰা

তোলনীয়া শিশুক নিৰ্যাতনৰ সকলো সীমা চেৰাই গৈছিল

কন্যা সন্তানৰ গুপ্তাংগত লগাই দিছিল গৰম ইস্ত্ৰি

শিশু দুটিক ‘ছেক্স টয়’ হিচাপে ব্যৱহাৰ ২ চিকিৎসকৰ

নিশা লকআপত মনৰোগ বিশেষজ্ঞ উন্মাদনা-উদ্ভণ্ডালি

ডাঃ সংগীতা দত্ত, ডাঃ ৱালিউল ইছলাম। বিগত ২-৩ দিনত আৰক্ষীৰ তদন্তত পোহৰলৈ অহা ২ চেলিব্ৰিটী চিকিৎসকৰ কৰ্ম-কাণ্ডত স্তম্ভিত সমগ্ৰ অসমৰ মানুহ। আসুৰিক আৰু বন্য কামনা, বাসনা পূৰণৰ বাবে মাত্ৰ ৩ বছৰীয়া ২ তোলনীয়া শিশুক SEX TOY হিচাপে ব্যৱহাৰ কৰিছিল চিকিৎসক দম্পতীয়ে। পুত্ৰ-কন্যা ২ শিশুৰে গুপ্তাংগত চিকিৎসকৰ দলে পাইছে আঘাতৰ চিন। চিকিৎসক দম্পতীয়ে দুয়োৰে সৈতে অপ্ৰাকৃতিক যৌনক্ৰিয়া কৰাৰ সন্দেহ আৰক্ষীৰ। কন্যা শিশুটিৰ গুপ্তাংগত গৰম ইস্ত্ৰি লগাই দিছিল। গাত গৰম পানী ঢালি চলাইছিল বৰ্বৰ অত্যাচাৰ। চিকিৎসকৰ দলে কৰা শিশুদুটিৰ স্বাস্থ্য আৰু ফৰেনচিক পৰীক্ষাত পোহৰলৈ আহিছে গাৰ নোম শিয়ঁৰি যোৱা বৰ্বৰোচিত অত্যাচাৰৰ এই ভয়ানক কাহিনী।

দুই কণমানি দেৱশিশুক উন্মাদৰ দৰে যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰৰ পিছত পেটত হাত ভৰি লুকাইছে চেলিব্ৰিটী চিকিৎসক দম্পতীৰ। মানসিকতা চাওক। গ্ৰেপ্তাৰৰ পূৰ্বে মাজনিশা ডাঃ সংগীতাৰ মেকআপ।

গ্ৰেপ্তাৰৰ পিছত শান্তভাৱে আৰক্ষীৰ প্ৰশ্নৰ সন্মুখীন

আৰু নিশা লক আপত উন্মাদৰ দৰে আচৰণ মনৰোগ বিশেষজ্ঞৰ

দেওবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ হোৱা ডাঃ সংগীতা দত্ত সম্প্ৰতি ৫ দিনৰ আৰক্ষী জিন্মাত আছে। নিশা পানবজাৰ থানাত ৰখা হয় ডাঃ সংগীতাক। তাতেই উন্মাদনা আৰু চৰম উদ্ভণ্ডালিৰে আৰক্ষীক হাৰাশাস্তি অভিযুক্ত চিকিৎসকগৰাকীৰ। দেওবাৰে মাজনিশা সংগীতাক হাত যোৰ কৰি শান্ত কৰাৰ চেষ্টা গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ।

AC ৰুমত থাকি অভ্যস্ত হোৱা সংগীতাই লকআপত হেনো অক্সিজেন নাপায়।

ডাঃ সংগীতা আৰু ডাঃ ৱালিউলক পৃথকে পৃথকে জেৰা কৰি আছে আৰক্ষীয়ে। জেৰাত বাৰে বাৰে ভাষ্য সলাইছে দুই চিকিৎসকে। বিসংগতিপূৰ্ণ তথ্যৰে আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা ২ অভিযুক্তৰ।

নিজৰ কৰ্মকাণ্ডক লৈ যেন মুঠেও অনুতপ্ত নহয় অভিযুক্ত ডাঃ সংগীতা। থানাৰ লকআপত থাকিবলৈও অমান্তি। নিশা লকআপৰ পৰা বাহিৰলৈ উলিয়াই দিবলৈ হুলস্থূল। থানাত ভৰিৰ ওপৰত ভৰি তুলি নিশা কটালে অভিযুক্ত সংগীতাই। প্ৰথমে তোলনীয়া শিশুক নিৰ্যাতন আৰু তাৰ পিছত থানাৰ ভিতৰত মনোৰোগ বিশেষজ্ঞৰ কাণ্ড দেখি ঘৃণাত নাক কোঁচাইছে ৰাজ্যবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছাত্ৰীৰ চৰম সিদ্ধান্তই জোকাৰিছে ধেমাজিৰ জয়ৰামপুৰ

অধ্যক্ষৰ প্ৰহাৰ আৰু নিৰ্যাতনৰ বলি হৈয়ে ছাত্ৰীয়ে শেষ কৰিলে...

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত শোকাৱহ ঘটনা

মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ভয়ংকৰ ঘটনা। এস্কেভেটৰে খন্দা গাঁতত...

গোলকগঞ্জৰ আগমনিত ৰে’লৰ খুন্দাত নিহত এজন

গোলকগঞ্জৰ আগমনিত ৰে'লৰ খুন্দাত নিহত এজন। নিহত লোকজন শেৰনগৰ...

মুম্বাইত কেইবাগৰাকীও উদ্যোগপতিক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

'এডভান্টেজ আছাম ২.০ লৈ জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ...