ক’ত আছে SOHUMৰ স্বত্বাধিকাৰী সন্দীপ জালান?

গুৱাহাটী, ২৩ জুন, NKTV: সন্ধানহীন হৈ আছে ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালান। মঙলবাৰে সন্ধিয়া সান্ধ্য ভ্ৰমণলৈ যোৱাৰ পিছৰেই পৰা সন্ধানহীন সন্দীপ জালান। বৰ্তমান সময়লৈকে সন্দীপৰ কোনো ধৰণৰ শুংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। সান্ধ্য ভ্ৰমণৰ বাবে ওলাই যোৱাৰ সময়ত জালানে নিজৰ সৈতে এটা চ্যুটকেচ লৈ যোৱা বুলি জানিব পৰা গৈছে। দীপক সোণাৰ নামৰ এজন গাড়ী চালকে পল্টন বজাৰৰ গ’ল্ড চিনেমাৰ সমীপত গাড়ীৰে সন্দীপ জালানক নমাই থৈ আহিছিল। ইতিমধ্যে দীপক সোণাৰক দিছপুৰ আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে দীপক সোণাৰক সোধ-পোচ অব্যাহত ৰাখিছে। যদিও বৰ্তমানলৈ আৰক্ষীয়ে জালানৰ সন্দৰ্ভত কোনো ধৰণৰ শুং-সুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

ব্যৱসায়ীকজনক কোনোৱে অপহৰণ কৰিছে নে নিজেই কোনো ঠাইলৈ গুচি গৈছে সেয়া কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই। কিন্তু প্ৰশ্ন হয় ঘৰৰ পৰা ওলাই অহাৰ সময়ত জালানে কিয় নিজৰ লগত এটা চ্যুটকেচ লৈ ওলাই আহিছিল? গাড়ী চালকজনে তেওঁক নমাই থৈ কিয় অকলে উভতি গৈছিল? নে কোনো পাৰিবাৰিক সংঘাতৰ বাবে নিজেই ঘৰৰ পৰা ওলাই আহিছিল জালান? কোনোৱে অপহৰণ কৰিলে নেকি প্ৰতিষ্ঠিত ব্যৱসায়ীজনক? ক’ত আছে সন্দীপ জালান এয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত! কিন্তু এই সময় পৰ্যন্ত সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিব বিচৰা নাই সন্দীপৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ এনে ব্যৱহাৰে বহু নতুন প্ৰশ্নৰ উদ্বেগ ঘটাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...