‘মাদাৰ অল্ড এজ হ’ম’ৰ আইতা সকলৰ পৰৱৰ্তী ঠিকনা কি?

গুৱাহাটী, ২৩ জুন, NKTV:মাদাৰ অল্ড এজ হ’ম – ৰাজ্যখনৰ এটা পৰিচিত বৃদ্ধাবাস। ৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল Mother old age homeনামৰ এই বৃদ্ধাশ্ৰমখন। নিজৰ আপোন ঘৰখনৰ পৰা এলাগী হৈ এই বৃদ্ধাবাস খনকেই নিজৰ ঘৰ বুলি মানি জীৱনৰ অন্তিম দিন কেইটা পাৰ কৰি আহিছিল বৃদ্ধাসকলে। যদিও আজি সেই দূৰ্ভগীয়া বৃদ্ধা সকলৰ বাবে এইঘৰখনো এলাগী হৈ পৰিল। বৃদ্ধাবাসখনৰ সভাপতি আৰু সম্পাদকৰ গৃহ কন্দলৰ বলি হ’বলগীয়া হৈছে এই আইতাসকল। মণিকা শৰ্মা আৰু উৎপল হর্ষবর্ধনৰ প্ৰচেষ্টাত ৯ বছৰ পূৰ্বে গঢ় লৈ উঠিছিল এই বৃদ্ধাশ্ৰম খন। যদিও টকাৰ খঁকৰ বাবেই হওক বা ব্যক্তিগত কথাৰ বাবেই হওক, ৯ বছৰ পূৰ্বে জন্ম দিয়া ‘মাদাৰ অ’ল্ড এজ হ’ম’ৰ সেই মহান উদ্দেশ্যৰ কথা ক’ৰবাতে এৰিলে মণিকা-উৎপলে। বৃদ্ধাবাসখনত থকা বৃদ্ধা সকলৰ দুখ-কষ্টৰ কথা পাহৰি দুয়োৱে ব্যক্তিগত স্বাৰ্থকহে বেছিকৈ প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। বিগত ৬ মাহ ধৰি ঘৰুৱা কন্দলৰ বলি হোৱা বৃদ্ধাসকলে মানসিক অশান্তিত ভূগি বৃদ্ধাশ্ৰমখন এৰিবলৈও সাজু হৈছে। চকুলো ভৰা নয়নেৰে পূৰ্বৰ সকলোবোৰ দুখ পাহৰি আকৌ এবাৰ নিজৰ বুলি মানি লোৱা এই ঘৰখন এৰিব লগীয়া হোৱাত ভাগি পৰিছে আইতা সকল। যদিও সুখ বিচাৰি এই ঘৰখনো এৰিবলৈ সাজু হৈছে আইতাসকল। ইয়াৰ পিছতেই মনালিছা চ’ছাইটিৰ অন্তৰ্গত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল ট্ৰাষ্টলৈ লৈ যোৱা হৈছে বৃদ্ধা সকলক। Mother old age home এৰি অহা বৃদ্ধা সকলৰ এতিয়া পৰৱৰ্তী ঠিকনা হ’ব বেলতলা ছাৰ্ভেস্থিত অজন্তা পথৰ প্ৰমোদ তালুকদাৰ memorial trust।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...