বিটিচিৰ কাৰ্যবাহী সদস্য হিচাপে সজল কুমাৰ সিংহ-ছাইখং বসুমতাৰীৰ শপত গ্ৰহণ

আজি পাৰিষদ সজল কুমাৰ সিংহ আৰু ছাইখং বসুমতাৰীয়ে বিটিচি কার্যবাহী পৰিষদৰ কাৰ্যবাহী সদস্য (ইএম) হিচাপে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।

শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ পাৰিষদ সজল কুমাৰ সিংহ আৰু চিৰাংৰ ইউপিপিএলৰ পাৰিষদ ছাইখং বসুমতাৰীৰ শপত গ্ৰহণ অনুষ্ঠান কোকৰাঝাৰৰ বোডোফা নৱগৱাৰৰ বিটিচি বিধান সভা গৃহত অনুষ্ঠিত কৰা হয়।

বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপে পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰায়।

অনুষ্ঠানটোত বিটিচিৰ মুখ্য কার্যবাহী প্ৰমোদ বড়ো, বিটিচিএলএ অধ্যক্ষ কাটি ৰাম বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, ইএম আৰু আন গণ্যমান্য ব্যক্তিউপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মানৱ মলৰ পৰা ‘পুপক্ৰিট’! বহনক্ষম কংক্ৰিট নিৰ্মাণত ভাৰতীয় গৱেষকৰ অভিনৱ সাফল্য

কংক্ৰিটক আধুনিক সভ্যতাৰ অন্যতম মূল ভেটি বুলি ক’লেও ভুল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ...

ভাৰতত পৰোক্ষ ধূমপানৰ ভয়ংকৰ প্ৰভাৱ, ৪৪.৪ কোটি লোক ধোঁৱাৰ সংস্পৰ্শত

ভাৰতত পৰোক্ষ ধূমপান অৰ্থাৎ আন কোনো ব্যক্তিয়ে কৰা ধূমপানৰ...