ঋণৰ বোজাত কৰুণ পৰিস্থিতি হৈছিল ছুপাৰহিট ‘ছাইয়াৰা’ৰ এজন জনপ্ৰিয় অভিনেতাৰ; বেংক একাউণ্টত ৰৈছিলগৈ মাত্ৰ ২৫০০ টকা

এই মুহূৰ্তত দেশজুৰি চৰ্চাৰ বিষয় হৈছে ‘ছাইয়াৰা’। নৱাগত অভিনেতাসকলক লৈ নিৰ্মিত এই ছবিয়ে বক্স অফিছত অভূতপূৰ্ব সফলতা লাভ কৰিছে। মাত্ৰ দুসপ্তাহৰ ভিতৰত বিশ্বজুৰি ৪০০ কোটি টকাৰ ব্যৱসায় কৰি এই ছবিয়ে বহু তাৰকাৰ ছবিকো পিছ পেলাইছে। এক কথাত, দেশৰ যুৱ সমাজ যেন ‘ছাইয়াৰা’ জ্বৰত আক্ৰান্ত হৈ আছে। ছবিৰ নায়ক আহান পাণ্ডে আৰু নায়িকা অনিত পড্ডাৰৰ ভূয়সী প্ৰশংসা হৈছে।

এফালে ছবিৰ এই উত্থান, আনহাতে চৰম ব্যৰ্থতাৰ সন্মুখীন হৈছে এই ছবিৰ এজন অভিনেতা, যি ঋণৰ বোজাত ডুবি গৈছিল। তেওঁ হৈছে ৰাজেশ কুমাৰ, যিয়ে ‘ছাইয়াৰা’ত নায়িকাৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে। হিন্দী টেলিভিছনৰ জনপ্ৰিয় মুখ ৰাজেশক ‘চাৰাভাই ভাৰ্ছেছ চাৰাভাই’ৰ দৰে অগণন ধাৰাবাহিকত দেখা গৈছে। বহু দিনৰ পিছত তেওঁক ‘ছাইয়াৰা’ত দেখা গৈছে। কিন্তু এই সময়ৰ মাজতে তেওঁ ঋণৰ বোজাত ডুবি গৈছিল। ৰাজেশে কয়, “এটা সময়ত এনে পৰিস্থিতি হৈছিল যে, বেংকত মাত্ৰ ২৫০০ টকাহে আছিল। ছুটিঙৰ বাবে লণ্ডনৰ পৰা মুম্বাইলৈ অহা-যোৱা কৰিবলৈ পকেটত টকা নাছিল, যাৰ ফলত সন্তানৰ বাবে এটা চকলেটো কিনিব নোৱাৰিছিলো। প্ৰায় ২ কোটি টকাৰ ঋণ হৈছিল। মাজৰ কেইবছৰমানত এক পইচাও উপাৰ্জন কৰিব পৰা নাছিলো।”

কিন্তু কি কাৰণত ৰাজেশৰ এনে দুৰ্দশা হৈছিল? জানিব পৰা গৈছে যে, অভিনয়ৰ কাম হাতত থকাৰ পিছতো তেওঁ ব্যৱসায়ত কিছু টকা বিনিয়োগ কৰিছিল। সেইখিনি সময়তেই তেওঁৰ আৰ্থিক দুৰ্ঘটনা ঘটিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...