২৮ বছৰৰ পাছত ৮ লাখ টকাত নিলাম হ’ল এযোৰ মোজা

মাইকেল জেকচনে এতিয়াও সংগীতপ্ৰেমীৰ মনত ৰাজত্ব কৰি আছে। সংগীত, নৃত্য, ফেশ্বন সকলোতে মাইকেল জেকচন এতিয়াও প্ৰাসংগিক। সম্প্ৰতি প্ৰয়াত এই তাৰকাজনৰ এযোৰ মোজা নিলামত মোটা অংকৰ ধনত বিক্ৰী হোৱাৰ পিছত অনুৰাগী সকলৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে।

ক’লা ছুট, টুপী, বৈশিষ্ট্যপূৰ্ণ বগা গ্লোভছ আৰু মোজা—মাইকেলৰ ফেশ্বনৰ অন্যতম পৰিচয়। নিলাম সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে, ১৯৯৭ চনত ফ্ৰান্সত ‘বিলি জিন’ খ্যাত এই গায়কজনে এটা কনচাৰ্টত অংশ লৈছিল। সেই সময়ত তেওঁৰ ব্যৱহৃত এযোৰ মোজা মেকআপ ৰুমত থাকি গৈছিল। এজন টেকনিশ্বিয়ানে সেই মোজাযোৰ পাই নিজৰ কাষত ৰাখিছিল। মোজাযোৰ বগা ৰঙৰ আৰু তাত বগা ৰাইনষ্টোনৰ টুকুৰা আছিল। ফ্ৰান্সৰ এটা নিলামত সেই মোজা ৮,৮২২ ডলাৰত (ভাৰতীয় মুদ্ৰাত প্ৰায় ৭ লাখ ৭২ হাজাৰ টকা) বিক্ৰী হৈছে।

১৯৯৭ চনত ‘হাই ষ্ট’ৰী ৱৰ্ল্ড ট্যুৰ’ৰ সময়ত মাইকেলে এই মোজা ব্যৱহাৰ কৰিছিল। মোজাযোৰৰ নক্সা তেওঁৰ নিজৰ মগজুৰ সৃষ্টি বুলি জনা গৈছে। নিলাম সংস্থাৰ তৰফৰ পৰা অৰ’ৰা ইলিয়ে কৈছে, “মাইকেল জেকচনৰ অনুৰাগীৰ বাবে এই বস্তু অমূল্য। ইয়াক অতি বিৰল সংগ্ৰহ বুলি ক’ব পাৰি।” প্ৰাৰম্ভিকভাৱে মোজাযোৰৰ মূল্য ৩,৪০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ৩ লাখ টকা) ধাৰ্য কৰা হৈছিল।

উল্লেখ্য যে, ২০২৩ চনত এই কনচাৰ্টত মাইকেলৰ ব্যৱহৃত এটা টুপী নিলামত ৮০,০০০ ডলাৰত (ভাৰতীয় মুদ্ৰাত প্ৰায় ৭০ লাখ টকা) বিক্ৰী হৈছিল।

২০০৯ চনত ৫০ বছৰ বয়সত মাইকেলৰ মৃত্যু হৈছিল। ২৮ বছৰৰ পিছত তেওঁৰ ব্যৱহৃত মোজাত দাগ পৰিছে, আৰু ৰাইনষ্টোনবোৰো হালধীয়া হৈ গৈছে। কিন্তু তাৰ মূল্য এতিয়াও একো কমা নাই, যিটো এই নিলামে প্ৰমাণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...