ডায়েট বিষয়া সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ, শতাধিক গৱেষকৰ গৱেষণা পত্ৰ পাঠ

সদৌ অসম ডায়েট বিষয়া সন্থাৰ উদ্যোগত তথা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, (ডায়েট) ধেমাজিৰ সহযোগত ”Teacher Education in Contemporary Times: Prospects and Challenges in the Light of NEP 2020″ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়| জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান, ধেমাজিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক এই আলোচনা চক্ৰ খনিৰ বাবে দেশৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ শতাধিক গৱেষকে গৱেষণা পত্ৰ দাখিল কৰে|

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰধান ডঃ ঋতুপৰ্ণ মহন্তৰ মঙ্গলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ডায়েট ধেমাজিৰ অধ্যক্ষা মৌচুমী বৰুৱা বৰদলৈয়ে| সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সদৌ অসম ডায়েট বিষয়া সন্থাৰ সভাপতি ইন্দ্ৰজিত্‍ গামে| আলোচনা চক্ৰখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী শিক্ষাৰ সঞ্চালক ডঃ লেখন গগৈয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ ৰ সন্ধিক্ষণত শিক্ষকৰ প্ৰয়োজনীয় পৰিৱৰ্তন সম্পৰ্কে বিশদভাৱে ব্যক্ত কৰে|

আলোচন চক্ৰখনিত সমল ব্যক্তি ৰূপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁয়ে নতুন শিক্ষানীতি ২০২০ ৰ আধাৰত কলাৰ জড়িয়তে কিদৰে শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন আনিব পৰা যায় সেই সম্পৰ্কে সুন্দৰকৈ ব্যাখ্যা কৰে| উল্লেখযোগ্য যে আলোচনা চক্ৰখনিৰ বাবে সৰ্বমুঠ ১১৫ খন গৱেষণা পত্ৰ লাভ কৰা হৈছিল| ইয়াৰে ভিতৰত ৯১ খন গৱেষণা পত্ৰ অফলাইন আৰু অনলাইন যোগে গৱেষক সকলে পাঠ কৰে|

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...