IIT দিল্লীত জিলিকিল গহপুৰৰ‌ পংকজ বৰা

ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লীৰ (Indian Institute of Technology Delhi) পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ‌ পংকজ বৰাই তেওঁৰ গৱেষণা গ্ৰন্থ “Cosmic Phase Transitions and Gravitational Waves: a quest for physics beyond the Standard Electroweak Model” (ব্ৰহ্মাণ্ডীয় পৰ্যায় স্থানান্তৰ আৰু মধ্যাকৰ্ষণিক তৰংগ: মানক ইলেক্ট্ৰ’উইক মডেলৰ সীমাৰ পাৰৰ পদাৰ্থ বিজ্ঞান বিচাৰি এটা সন্ধান)ৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।‌ তেওঁ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লীৰ (IIT Delhi) অধ্যাপক ড° প্রদীপ্ত ঘোষৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পাদন কৰিছে। গৱেষণাৰ মূল বিষয় তাত্বিক কণিকা পদাৰ্থবিজ্ঞান আৰু মহাকাশবিদ্যাৰ সংযোগস্থলত অৱস্থিত | বিশেষকৈ, Electroweak Phase Transition, মধ্যাকৰ্ষণিক তৰংগ, কৃষ্ণ পদাৰ্থ আৰু নতুন পদাৰ্থবিজ্ঞান বিচাৰৰ দৰে বিষয়সমূহত গৱেষণা কৰিছিল।

উল্লেখ্য যে , সৰুৰেপৰা অত্যন্ত নম্ৰ ,অমায়িক, অধ্যয়নশীল ছাত্ৰ হিচাপে পৰিচিত পংকজ বৰাই ২০১২ চনত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬.৬৭% নম্বৰ‌‌ লাভ ‌কৰি উত্তীৰ্ণ হৈছিল।‌ ২০১৪ চনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯০.৮% ‌আৰু‌ ২০১৭ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত (Physics Honour) স্নাতক (B.Sc.) ডিগ্ৰী লাভ কৰি Physics Major-ত ৮৭.২০% (CGPA ৮.৭২)-সহ তৃতীয় স্থান‌ দখল কৰিছিল।‌‌ ২০১৯ চনত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান গাঁধীনগৰ (IIT Gandhinagar)ৰ পৰা পদাৰ্থ বিজ্ঞানত‌ ৮৪.১০% নম্বৰেৰে স্নাতকোত্তৰ ( MSC ) ডিগ্ৰী লাভ কৰে। (CGPA ৮.৪১)-সহ M.Sc. Physics-ত তৃতীয় স্থান লাভ।‌‌ Ph.D. অধ্যয়নৰ সময়ত IIT Delhi-ৰ কোর্স-ৱৰ্কত (course work) ৯২.৫০% (CGPA ৯.২৫) নম্বৰ‌ লাভ কৰি সফলতা অৰ্জন কৰি গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনে। পংকজ বৰা, গহপুৰ কলেজ গুৰিৰ নিবাসী প্ৰবীন বৰা আৰু জনমনি বৰাৰ পুত্ৰ তথা যতীন বৰা আৰু নিৰমাই বৰাৰ ভতিজা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...