চৰ্চাৰ শীৰ্ষত ছেইফ-কৰীণাৰ দ্বিতীয় সন্তান

গুৱাহাটী, ১০ জুলাই, NKTVছেইফ-কৰীণাই কি নাম ৰাখিলে তেওঁলোকৰ দ্বিতীয় সন্তানৰ?
চৰ্চাৰ শীৰ্ষত এইবাৰ দম্পতীটোৰ দ্বিতীয় সন্তান
দ্বিতীয় সন্তানক আঁতৰাই ৰখা হৈছে সামাজিক মাধ্যমৰ পৰা

বলীউডৰ power couple ছেইফ আলী খান আৰু কৰীণা কাপুৰ খানৰ জীৱনলৈ চলিত বৰ্ষৰ আৰম্ভণিতে আগমণ ঘটিছিল দ্বিতীয় পুত্ৰ সন্তানৰ। উল্লেখযোগ্য যে, ছেইফ-কৰীণাৰ প্ৰথম সন্তান টেইমুৰে নিজৰ মৰম লগা ভংগীৰে সৰহভাগ সময় সামাজিক মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। যদিও তেওঁলোকৰ দ্বিতীয় সন্তানক তেওঁলোকে সামাজিক মাধ্যমৰ পৰা কিছু নিলগত ৰখা পৰিলক্ষিত হৈছে। দ্বিতীয় সন্তানকলৈ কৰীণা অথবা ছেইফে সামাজিক মাধ্যমত বৰ বেছি post কৰা দেখা পোৱা নাযায়। আনকি জন্মৰ বহু দিনৰ পিছতহে তেওঁলোকে দ্বিতীয় সন্তানৰ ফটো সামাজিক মাধ্যমত আপলোড কৰিছিল। কিন্তু দম্পতীটোৰ এনে কাৰ্যই মানুহৰ মনত সততে নতুন প্ৰশ্নৰ উদয় কৰি আহিছে।
দম্পতীটোৱে বাৰু কিদৰে প্ৰতিপালিত কৰিছে দ্বিতীয় সন্তানক?
নজনা কথা জানিবলৈ মানুহৰ হেঁপাহ অপৰিসীম

দম্পতীটোৰ নতুন সন্তানৰ তথ্যকলৈ যেন সদায়ে উৎসুক হৈ থাকে অনুৰাগীকে ধৰি বলীউডৰ সমালোচক সকল। দ্বিতীয় সন্তানৰ প্ৰতিটো খবৰ পাবলৈ সদায় চেষ্টা কৰি আহিছে দম্পতিটোৰ অনুৰাগী তথা বলীউডৰ সমালোচকে। ছেইফ-কৰীণাই কি ৰাখিছে বাৰু তেওঁলোকৰ নতুন সন্তানৰ নাম? এই প্ৰশ্নটোৱে মানুহৰ মনত আলোড়নৰ সৃষ্টি কৰি আহিছে। যদিও আজি অন্ত পৰিল এই অপেক্ষাৰ।
ছেইফ-কৰীনাৰ দ্বিতীয় সন্তানৰ নাম ‘জেহ’
ৰণবীৰ কাপুৰে সদৰি কৰিলে এই কথা

যদিও বলীউডৰ power coupleটোৱে এই সন্দৰ্ভত বৰ্তমানো কোনো ধৰণৰ কথা সদৰি কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...