আৰক্ষীৰ কোব খাই যুৱকৰ আত্মহত্যা

গুৱাহাটী, ১১ জুলাই, NKTV: ক’ভিড প্ৰট’কলৰ দোহাই দি আৰক্ষীৰ নিৰ্মম প্ৰহাৰ। বিশ্বনাথৰ এজন যুৱকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিচতে আত্মহত্যাৰ পথ বাচি লয় এজন যুৱকে। বিশ্বনাথৰ নামবাঘমৰা গাঁৱৰ হেমন্ত বৰা নামৰ যুৱকজনে চাৰিদিন পূৰ্বে মাতৃৰ বাবে ঔষধ আনিবলৈ বিশ্বনাথ নগৰলৈ যাওতে আগ পিচ নুশুধি বেয়াকৈ প্ৰহাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ প্ৰহাৰত পকেটত থকা হেমন্তৰ মবাইলটো ভাঙি যায়। ইয়াকে লৈ দৈনিক হাজিৰা কৰি কোনোমতে চলি থকা হেমন্ত মানসিকভাৱে ভাগি পৰে। আৰু দেওবাৰে পুৱাই ঘৰৰ ওচৰৰ এডাল গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় হেমন্তৰ মৃতদেহ। হেমন্তৰ পিতৃৰ আৰু স্থানীয় লোকৰ অভিযোগ, আৰক্ষীৰ প্ৰহাৰৰ বাবেই হেমন্ত বৰাই বাচি ল’লে আত্মহত্যাৰ পথ। কষ্টৰে কিনা মবাইল ফোনটো ভাঙি যোৱাত হতাশ হৈ পৰিছিল যুৱকজন। নিশা আৰক্ষীৰ প্ৰহাৰৰ কথা জনাইছিল স্থানীয় লোককো। হেমন্ত বৰাৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে। স্থানীয় ৰাইজৰ অভিযোগ,বিশ্বনাথ আৰক্ষীয়ে SOPভংগ কৰাৰ অভিযোগত সোধাপোচা নকৰি মাৰপিট কৰাৰ ফলতেই এনে ঘটনা সংঘটিত হ’বলৈ পালে। দৰিদ্ৰ পৰিয়ালৰ যুৱক হেমন্ত বৰাই দিন হাজিৰা কৰি ক্ৰয় কৰা মবাইলটো ভাঙি যোৱাৰ পিচতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। বিশ্বনাথ আৰক্ষীৰ বিৰুদ্ধে ৰাইজ তথা পৰিয়ালে কৰা অভিযোগৰ সন্দৰ্ভত মুখ খোলা নাই বিশ্বনাথ আৰক্ষীয়ে। এইবিষয়ে মন্তব্য কৰাৰ ক্ষেত্ৰতো আঁতৰি আছে বিশ্বনাথ আৰক্ষী।

বিশ্বনাথৰ পৰা অজিত দাসৰ ৰিপৰ্ট, এন.কে টিভি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...