হানি সিঙক কিয় ক্ষমা বিচাৰিছিল চানে?

বলীউডৰ দুজন জনপ্ৰিয় শিল্পী। এজন হানি সিং আৰু আনজন চান। এটা পাৰ্টিত চানে হানি সিঙক চিনি নোপোৱাৰ কথা মিউজিক কম্পোজাৰ ছলিম মৰৰ্শান্তৰ চাট শ্ব’ত ব্যক্ত কৰি এটা বিশেষ দিন ৰোমন্থন কৰে। চানে কয় যে, এটা পাৰ্টিত প্ৰত্যক্ষভাৱে প্ৰথমবাৰলৈ হানি সিঙক গায়কজনে লগ পাইছিল। হানিয়ে চানক ছাৰ সম্বোধন কৰি কয় যে হানিয়ে তেওঁক বহুত আগৰ পৰাই অনুসৰণ কৰি আহিছে। ইয়াৰ উত্তৰত চানে ধন্যবাদ জ্ঞাপন কৰে। যদিও পিছ মুহুৰ্ততেই অনুমান কৰিছিল যে চানে সেই ব্যক্তিজনক চিনি পোৱা নাই। গতিকে তেওঁ হানিক কোন হয় তেওঁ বুলি প্ৰশ্ন কৰিছিল। এই ঘটনাটোৰ বাবে চানে হানিক ক্ষমা খোজাৰ কথাও জানিবলৈ দিয়ে। চানে জনায় যে ইয়াৰ পূৰ্বে তেওঁ হানিক মাত্ৰ টিভিৰ স্ক্ৰিনতহে দেখা পাইছিল। তেওঁ যেতিয়া হানিক টিভিত দেখিছিল তেতিয়া হানি ক্ষীণ আছিল। কিন্তু হানিক যেতিয়া চানে প্ৰত্যক্ষভাৱে দেখিছিল তেতিয়া তেওঁ বহুত শকত হৈ পৰিছিল। যাৰ বাবে তেওঁ হানিক চিনি পোৱা নাছিল। এই ঘটনাটোৰ বাবে চানে নিজকে এজন মূৰ্খ যেন অনুভৱ কৰাৰ কথা ছলিমৰ চাট অনুষ্ঠানত ব্যক্ত কৰে। চলিম মৰৰ্শান্তৰ চাট শ্ব’ত তেওঁলোকে ইয়াৰ পূৰ্বে চানে হানি সিঙৰ ৰেপকলৈ কৰা সমালোচনাৰ কথা ছলিমে চানক প্ৰশ্ন কৰাত চানে এই ঘটনাটোও ব্যক্ত কৰে। উল্লেখ্য যে, চানে MAINSTREAM RAP MUSICক লৈ সমালোচনা কৰি হানি সিঙৰ CHAAR BOTAL VODKA,SUNNY SUNNY আৰু LUNGI DANCE দৰে হানি সিঙে গোৱা RAPক সমালোচনা কৰা পৰিলক্ষিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...