পৰীক্ষা পতা সন্দৰ্ভত শিক্ষা সংসদৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিৰ বৈঠক

গুৱাহাটী, ১১ জুন, NKTV:উচ্চতৰ মাধ্যমিক পৰীক্ষা আয়োজন সন্দৰ্ভত শিক্ষা সংসদৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিৰ এখন বৈঠক আজি অনুষ্ঠিত হয়। কিদৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি এই বিষয় সন্দৰ্ভত বৈঠকত বিতং ভাৱে আলোচনা কৰা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যত বিনষ্ট নোহোৱাকৈ কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব পাৰি তাক লৈও কৰা হৈছে ব্যাপক চিন্তা চৰ্চা কৰা। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, সচিব ৰমেশ চন্দ্ৰ চুতীয়া আৰু পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰৰ সৈতে আছু-এবছুৰ প্ৰতিনিধিবৰ্গই আলোচনাত অংশ লয় । বৈঠকত উপস্থিত থাকে আছুৰ প্ৰতিনিধি সমুজ্জ্বল ভট্টাচাৰ্য, দীপাংক নাথ,শংকৰজ্যোতি বৰুৱা। আনহাতে এই বৈঠকত উপস্থিত এবছুৰ প্ৰতিনিধি হিচাপে সভাপতি দ্বীপেন বড়োৱে অংশ লয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নগাঁৱত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ জয়। আনুষ্ঠানিক ঘোষণা নিৰ্বাচন আয়োগৰ

দেৱাশীষ শৰ্মাৰ হাতত আয়ুক্তই তুলি দিলে জয়ৰ প্ৰমাণপত্ৰ। ৰাজ্যজুৰি...

চাফা কৰাৰ চলেৰে ঘৰত প্ৰৱেশ, মহিলাক সংজ্ঞাহীন কৰি সোণৰ গহনা লুটি নিলে দুই প্ৰৱঞ্চকে

মহানগৰীৰ AT ৰোডৰ টকৌবাৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। চাফাই কৰ্মচাৰীৰ...

গুৱাহাটীত হোমষ্টে ব্যৱস্থাত কঠোৰ নিয়ম GMCৰ, দুৰ্গা পূজাত হ’ব স্বচ্ছতা প্ৰতিযোগিতা

গুৱাহাটী মহানগৰীত হোমষ্টে ব্যৱস্থাক নিয়মৰ মাজলৈ আনিবলৈ বিশেষ পদক্ষেপ...