ট্ৰাম্পৰ সৈতে বৈঠকত কি কথা পাতিলে পুটিনে? মোদীক ফোন কৰি জনালে ‘বন্ধু’ পুটিনে

১৫ আগষ্টত আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা বৈঠকত কি কথা-বতৰা হৈছিল, সেই বিষয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ফোনযোগে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনাইছে। মোদীয়ে সামাজিক মাধ্যমত এই ফোনালাপৰ কথা প্ৰকাশ কৰি পুটিনক ধন্যবাদ জ্ঞাপন কৰিছে। একে সময়তে, তেওঁ ইউক্ৰেইন যুদ্ধৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে।

এক্সত এটা পোষ্টত মোদীয়ে পুটিনক বন্ধু বুলি উল্লেখ কৰি লিখিছে, “শেহতীয়াকৈ আলাস্কাত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ (পুটিনৰ) বৈঠকৰ বিষয়বস্তু মোৰ সৈতে ভাগ-বতৰা কৰাৰ বাবে ধন্যবাদ।” মোদীয়ে আৰু জনাইছে যে, ভাৰতে ধাৰাবাহিকভাৱে ইউক্ৰেইন যুদ্ধৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনাই আহিছে আৰু যুদ্ধ বন্ধৰ সকলো প্ৰচেষ্টাক সমৰ্থন কৰে।

আলাস্কাৰ বৈঠক আৰু ইউক্ৰেইন যুদ্ধৰ উপৰিও পুটিন আৰু মোদীৰ কথোপকথনত ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টোও উত্থাপিত হৈছিল। দুই ৰাষ্ট্ৰনেতাই সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰত কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে।

১৫ আগষ্টত আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকৰ প্ৰতি ভাৰতৰ দৃষ্টি নিবদ্ধ আছিল। ট্ৰাম্পে জনাইছিল যে, এই বৈঠকৰ মূল উদ্দেশ্য আছিল ৰাছিয়া-ইউক্ৰেইন সংঘাত বন্ধৰ বিষয়ে আলোচনা। কিন্তু কিছুমানৰ দাবী আছিল যে, বৈঠকত ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ৰ বিষয়টোও উত্থাপিত হ’ব পাৰে। শুকুৰবাৰে পুটিনৰ সৈতে ট্ৰাম্পৰ প্ৰায় তিনি ঘণ্টা ধৰি বৈঠক হৈছিল। বৈঠকত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কোনো সমাধান ওলোৱা নাছিল, তথাপিও দুই নেতাই বৈঠকক ‘ফলপ্ৰসূ’ বুলি অভিহিত কৰিছে। ইয়াৰ পিছত আমেৰিকাৰ সংবাদমাধ্যম ‘ফক্স নিউজ’ক ট্ৰাম্পে জনাইছে যে, বাকীখিনি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ ওপৰত নিৰ্ভৰ কৰিব, তেওঁ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব লাগিব। সোমবাৰে ৱাশ্বিংটনত ট্ৰাম্পে জেলেনস্কিৰ সৈতে বৈঠকত মিলিত হ’ব। ভাৰতে আলাস্কাত হোৱা ট্ৰাম্প আৰু পুটিনৰ বৈঠকক আদৰণি জনাইছে। শনিবাৰে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা এটা বিবৃতিত জনোৱা হৈছে যে, কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটাব পৰা যাব। সোমবাৰে পুটিনৰ সৈতে ফোনত কথা পাতি মোদীয়ে এই বিষয়টো উত্থাপন কৰিছে।

ৰাছিয়াৰ পৰা তেল আমদানিকাৰী দেশসমূহৰ ভিতৰত ভাৰত দ্বিতীয় বৃহৎ দেশ বুলি ট্ৰাম্পে শেহতীয়াকৈ বাৰে বাৰে উল্লেখ কৰিছে। আনকি মস্কোৰ সৈতে নতুন দিল্লীৰ বাণিজ্যিক সম্পৰ্কৰ বাবেই তেওঁ ভাৰতৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰিছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিছে। তেওঁৰ দাবী, চীন আৰু ভাৰত—এই দুখন দেশে ৰাছিয়াৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰে। কিন্তু পুটিনৰ সৈতে বৈঠকৰ পিছত শুল্কৰ বিষয়ে ট্ৰাম্পৰ সুৰ কিছু পৰিমাণে নৰম হোৱা যেন লাগিছে। তেওঁ কৈছে, “আজি যি হ’ল, আশা কৰোঁ এতিয়াৰ পৰা শুল্কৰ বিষয়ে আৰু ভাবিব নালাগে। তথাপিও দুই-তিনি সপ্তাহৰ ভিতৰত হয়তো সেই বিষয়ে আকৌ ভাবিব লাগিব। এতিয়া কোনো কথা নাই। মোৰ মনে কৈছে, বৈঠকখন অতি ভাল হৈছে।” আৰু এইবাৰ পুটিনে বৈঠকৰ বিষয়ে মোদীক তথ্য প্ৰদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...