“বন্ধুত্ব বজাই ৰাখিবলৈ বিচাৰিলে বন্ধুৰ দৰে আচৰণ কৰিব লাগিব”; ৰাছিয়াৰ পৰা তেল ক্ৰয় সন্দৰ্ভত ভাৰতলৈ পুনৰ বাৰ্তা প্ৰেৰণ হোৱাইট হাউছৰ

ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আমেৰিকাই পুনৰ মন্তব্য কৰিছে। হোৱাইট হাউছৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰোৰ দাবী, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিবই লাগিব। মাৰ্কিন সংবাদমাধ্যম ‘ফিনান্সিয়েল টাইমছ’ৰ এটা প্ৰবন্ধত তেওঁ এই কথা লিখিছে। নাভাৰোৰ দাবী, “ভাৰত যদি আমেৰিকাৰ বন্ধু হৈ থাকিব বিচাৰে, তেন্তে তেওঁলোকৰ আচৰণো তেনেকুৱা হ’ব লাগিব।” তেওঁ আৰু দাবী কৰিছে যে, নতুন দিল্লীয়ে ৰাছিয়া আৰু চীন উভয়ৰে সৈতে ঘনিষ্ঠতা বঢ়াইছে।

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক সংঘাতৰ সৃষ্টি হৈছে। ইয়াৰ এটা মূল কাৰণ হৈছে ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক। বিগত তিনি বছৰ ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উদ্যোগ গ্ৰহণ কৰিছে। তেওঁৰ অভিযোগ, ভাৰতৰ সৈতে ব্যৱসায়ৰ লাভাংশ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ব্যৱহাৰ কৰিছে। মস্কোৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰক্ষাৰ বাবে নতুন দিল্লীৰ ওপৰত ট্ৰাম্পে উচ্চ হাৰত শুল্ক আৰোপ কৰিছে। এই কূটনৈতিক সংঘাতৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠক কৰিছে।

সোমবাৰে তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতেও আলোচনাত বহিব। এই সাম্প্ৰতিক বৈঠকসমূহৰ জৰিয়তে ৰাছিয়া-ইউক্ৰেইন যুদ্ধবিৰতিৰ কোনো ইতিবাচক সমাধান ওলাই আহিলে ভাৰত-আমেৰিকাৰ কূটনৈতিক সংঘাতো কমিব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু ইয়াৰ মাজতে হোৱাইট হাউছৰ বাণিজ্য উপদেষ্টাই পুনৰ দাবী কৰিছে যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব লাগিব। তেওঁৰ দাবী, “ভাৰতে ৰাছিয়াৰ তেলৰ বাবে এটা ‘ক্লিয়াৰিং হাউছ’ হিচাপে কাম কৰিছে।” ৰাছিয়াৰ উপৰিও চীনৰ সৈতেও ভাৰতৰ ঘনিষ্ঠতা বাঢ়িছে বুলি তেওঁ মন্তব্য কৰিছে।

সোমবাৰে চীনৰ বিদেশ মন্ত্ৰী ৱাং ই ভাৰত ভ্ৰমণত আহিছে। এই মাহৰ শেষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ বৈঠক হ’ব পাৰে। ২০২০ চনত লাডাখত সংঘৰ্ষৰ পাঁচ বছৰৰ পিছত নতুন দিল্লী-বেইজিং সম্পৰ্কৰ অগ্ৰগতিৰ প্ৰতি আমেৰিকাই নজৰ ৰাখিছে। ট্ৰাম্পৰ বাণিজ্য উপদেষ্টাৰ মন্তব্যৰ পৰা সেই আভাষ পোৱা গৈছে।

আলাস্কাৰ বৈঠকৰ পূৰ্বে মাৰ্কিন সংবাদমাধ্যম ‘ফক্স নিউজ ৰেডিঅ’ক দিয়া সাক্ষাৎকাৰত ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্কৰ বিষয়ে পুনৰ মন্তব্য কৰিছিল। তেওঁৰ দাবী, অতিৰিক্ত শুল্ক আৰোপৰ ফলত তেওঁ ভাৰতক ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ পৰা আঁতৰাই ৰাখিবলৈ সক্ষম হৈছে। যদিও নতুন দিল্লীৰ পৰা প্ৰকাশ্যে এনে কোনো তথ্য জনোৱা হোৱা নাই যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিছে। বৰং, ভাৰত চৰকাৰৰ সূত্ৰৰ দাবী, নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰাখিব। ভাৰতে নিজৰ স্বাৰ্থৰ সৈতে কোনো আপোচ নকৰিব বুলি মোদী চৰকাৰে স্পষ্টভাৱে জনাইছে। কেন্দ্ৰীয় বাণিজ্যমন্ত্ৰী পীয়ুষ গোয়েলেও শেহতীয়াকৈ জনাইছে যে, ভাৰত এতিয়া বহুত শক্তিশালী ৰাষ্ট্ৰ আৰু কোনোপধ্যেই শিৰ নত নকৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...