‘এছিয়া কাপত বৈভৱ খেলাওক!’ ১৪ বছৰীয়া সূৰ্য্যবংশীৰ নাম প্ৰস্তাৱ কৰিলে প্ৰাক্তন মুখ্য নিৰ্বাচকে

মঙ্গলবাৰে এছিয়া কাপৰ বাবে ভাৰতৰ দল ঘোষণা কৰা হ’ব। কোন ১৫ জন খেলুৱৈয়ে সেই দলত স্থান পাব, তাৰ প্ৰতি ভাৰতীয় সমৰ্থকৰ দৃষ্টি নিবদ্ধ হৈ আছে। বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দল নিৰ্বাচন কৰাটো দলৰ প্ৰধান প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু নিৰ্বাচক প্ৰধান অজিত আগাৰকৰৰ বাবে কঠিন কাম হ’ব। এই পৰিস্থিতিৰ মাজতে ভাৰতৰ প্ৰাক্তন নিৰ্বাচক প্ৰধান কৃষ্ণমাচাৰী শ্ৰীকান্তে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক এছিয়া কাপত খেলাবলৈ পৰামৰ্শ দিছে।

বিগত আই পি এলত বৈভৱে সকলোৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ৰাজস্থানৰ হৈ মাত্ৰ ৭খন মেচ খেলিয়েই তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। শ্ৰীকান্তৰ মতে, এইটোৱেই বৈভৱক খেলুৱাৰ উপযুক্ত সময়। এটা ইউটিউব ভিডিঅ’ত তেওঁ কৈছে, “সাহসী ক্ৰিকেট খেলিব লাগিব। বৈভৱক আৰু অপেক্ষা কৰাই ৰখা উচিত নহয়। তাক আৰু পৰিপক্ক হ’বলৈ দিয়াৰ কথা কোৱাটো ঠিক নহয়। তেওঁ এতিয়াই যথেষ্ট পৰিপক্ক ক্ৰিকেট খেলিছে। বৈভৱৰ শ্বট দেখি সকলোৱে আচৰিত হৈছে। মই যদি নিৰ্বাচক প্ৰধান হ’লোঁহেঁতেন, তেন্তে তেওঁক ১৫ জনীয়া দলত ৰাখিলোঁহেঁতেন।”

শ্ৰীকান্তে নিজে নিৰ্বাচক প্ৰধান হ’লে ভাৰতৰ অপেনিং যুটি কেনেকুৱা হ’লহেঁতেন, তাকো জনাইছে। তেওঁ কৈছে, “মই থাকিলে সঞ্জুৰ স্থান পোৱাটো কঠিন হ’লহেঁতেন। মোৰ প্ৰথম পছন্দ অভিষেক শৰ্মা। তাৰ লগতে আৰু দুজন অপেনাৰ ৰাখিলোহেঁতেন। বৈভৱ, সাই সুদৰ্শন আৰু যশস্বী জয়ছোৱালৰ মাজৰ পৰা দুজনক ল’লোঁহেঁতেন। বিকল্প হিচাপে শুভমন গিলক ৰাখিলোঁহেঁতেন। মোৰ দলত বৈভৱ নিশ্চিতভাৱে থাকিলহেঁতেন।”

ভাৰতৰ এছিয়া কাপৰ দলৰ অপেনিং আৰু টপ অৰ্ডাৰ নিৰ্বাচনত গম্ভীৰ আৰু আগাৰকাৰৰ সমস্যা হ’ব। ইয়াৰ মূল কাৰণ তেওঁলোকৰ হাতত প্ৰচুৰ বিকল্প আছে। ফলত কাক বাদ দিব আৰু কাক খেলাব, তাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিগত কেইটামান ছিৰিজত অভিষেক আৰু সঞ্জুৱে অপেনাৰ হিচাপে খেলিছে। যশস্বী আৰু শুভমনক বাদ দি দলে খেলিছে। ফলত এছিয়া কাপৰ দলত তেওঁলোকৰ স্থান পোৱাৰ সম্ভাৱনা কম। শ্ৰীকান্তে বৈভৱক বিচাৰিলেও এই মুহূৰ্তত আগাৰকাৰৰ দৃষ্টি তেওঁৰ প্ৰতি নাই।

বৈভৱক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ তাৰকা বুলি গণ্য কৰা হৈছে। ইমান কম বয়সত তেওঁ ভাৰতৰ অনূৰ্ধ্ব-১৯ আৰু ভাৰত ‘এ’ দলৰ হৈ খেলিছে। প্ৰথম বলৰ পৰাই ডাঙৰ শ্বট মৰাৰ ক্ষমতা আছে বিহাৰৰ এই কিশোৰৰ। বিগত আই পি এলত গুজৰাট টাইটান্সৰ বিৰুদ্ধে তেওঁ মাত্ৰ ৩৫টা বলত শতৰান কৰিছিল, যিটো ভাৰতীয় ক্ৰিকেটাৰৰ মাজত দ্ৰুততম শতৰান। এইবাৰ এছিয়া কাপ টি-টুৱেণ্টী ফৰ্মেটত হ’ব। সেয়েহে শ্ৰীকান্তে বৈভৱক দলত বিচাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

Seven Rescued Golden Langurs Released Back into the Wild at Sikhna Jwhwlao National Park, says Assam Forest Jayanta Mallabaruah

Assam Forest Minister Jayanta Mallabaruah has announced the successful...

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

IAS এছ আব্বাছিক জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিবৰ দায়িত্বগৃহ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে সুখবৰ; Quality Council of Indiaৰ পৰা লাভ কৰিলে বিশেষ স্বীকৃতি

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ৰ বাবে আহিল এটা অত্যন্ত গুৰুত্বপূৰ্ণ...