অসম সন্তানৰ বেটিঙক সূৰ্যৰ লগত তুলনা আৰ আৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ডৰ

মুম্বাই, ২ এপ্ৰিল : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ-২০২৪ [আই পি এল] ত নক্ষত্ৰৰ দৰে জিলিকি উঠা অসম সন্তান ৰিয়ান পৰাগৰ ভূয়সী প্ৰশংসা এতিয়া বিশ্বৰ কিংবদন্তী ক্ৰিকেটাৰৰ মুখে মুখে শুনা গৈছে৷ যোৱানিশা মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৩৯ বলত অপৰাজিত ৫৪ ৰাণ কৰি ৰাজস্থান ৰয়েলছৰ ক্ৰমাগত তৃতীয় বিজয়তো গুৰুত্বপূৰ্ণ ভূমিকা লোৱা তথা লীগত এতিয়ালৈকে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বেটাৰ হিচাপে কমলা টুপী হস্তগত কৰা ৰিয়ানক সূৰ্যৰ লগত তুলনা কৰিছে নিউজিলেণ্ডৰ বেগী বলাৰ শ্বেন বণ্ডে৷ উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছক সৈতে ন বছৰীয়া কাৰ্যকালৰ পিছত এইবছৰ বণ্ডে ৰাজস্থান ৰয়েলছৰ সহকাৰী প্ৰশিক্ষক তথা বলিং প্ৰশিক্ষকৰূপে যোগ দিছে৷

যোৱানিশাৰ মেচৰ পিছৰ সংবাদমেলত বণ্ডে কয় ‘ৰিয়ানৰ বেটিং দেখিলে সূৰ্যৰ [সূৰ্যকুমাৰ যাদব] কথা মনত পেলাই দিয়ে৷ ৰিয়ানৰ বয়স মাত্ৰ ২২ বছৰ৷ কিন্তু চৰম প্ৰতিভাবান লগতে ক্ৰিকেটাৰ হিচাপে এতিয়া পৰিপক্কও৷ আমি তেওঁৰ পৰা সৰ্বোত্তমখিনি পাইছো৷ আৰ আৰ এ তেওঁৰ পৰা যি বিনিয়োগ কৰিছিল, ইয়াৰ ফল লাভ কৰিবলৈ আৰম্ভ কৰিছে৷ আমাৰ বাবে তেওঁ বাকী ছিজনৰ বাকী থকা মেচবোৰত যি দিব পাৰে সেয়া যথেষ্ট ৰোমাঞ্চকৰ হ’ব৷’

উল্লেখ্য যে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানে ঘৰুৱা ক্ৰিকেটত নিজৰ চহকী ফৰ্ম এইবাৰ আই পি এললৈ লৈ আনিছে৷ তিনিখন মেচত দুটা উচ্ছমানৰ অপৰাজিত অৰ্ধশতক অৰ্জন কৰি ৰাজস্থানৰ প্ৰথম তিনিখন মেচৰ জয়ত সহায় কৰিছে৷ ক্ৰিকেটাৰগৰাকীৰ পৰা অধিক লাভ পাবলৈ এই বছৰ ৰয়েলছে নতুনকৈ নিজৰ লাইন আপ স্থাপন কৰিছে বুলিও বণ্ডে কয়৷ কাৰণ ঘৰুৱা ছিজনটো চতুৰ্থস্থানতে অসাধাৰণ বেটিং কৰিছিল ৰিয়ানে৷

বণ্ডে লগতে কয় ‘ৰিয়ানক পূৰ্বৰ ছিজনসমূহৰ ওপৰত বিচাৰ কৰাটো অন্যায়৷ তেতিয়া তেওঁ ইমান কম বয়সতে ফিনিছাৰৰ ভূমিকা পালন কৰিবলগীয়া হৈছিল৷ তেওঁৰ বয়স আছিল ১৭ বছৰ আৰু বেটিং লাইন আপৰ এটা কঠিন স্থান ছয় নম্বৰত খেলিছিল৷ অন্য দলত ডেভিদ মিলাৰ, আন্দ্ৰে ৰাছেল, টিম ডেভিদছ আদিয়ে ফিনিচাৰৰ ভূমিকা লৈছিল৷ বিপৰীতে আৰ আৰত ৰিয়ানে৷ কিন্তু ঘৰুৱা ছিজনৰ প্ৰদৰ্শনে ৰিয়ান যে চতুৰ্থ স্থানৰ বিশেষজ্ঞ ক্ৰিকেটাৰ সেয়া প্ৰতিপন্ন কৰাৰ পাছত এইবাৰ আই পি এলটো তেওঁ সুযোগৰ সুন্দৰ ব্যৱহাৰ দক্ষতাৰে কৰিছে৷’

ইফালে, যোৱানিশাৰ ৰাজকীয় ইনিংছৰ পাছত খেলৰ অন্তত ৰিয়ানে কয় যে, ‘যেতিয়া মই ঘৰুৱা ক্ৰিকেট খেলো, তেতিয়া এনে পৰিস্থিতিতে বেটিং কৰিবলৈ উইকেটলৈ আহো৷ জোছ [বাটলাৰ] ভাই আৰু এছ [আৰ অশ্বিন] ভায়ে খেলপথাৰ ত্যাগ কৰাৰ সময়ত পৰিস্থিতিটো মোৰ বাবে নতুন নাছিল৷ যোৱা ছিজনৰ পিছতে মই নিজক প্ৰস্তুত কৰাৰ বাবে অতি কঠোৰ অনুশীলন কৰিছিলো৷ মই ভাবো যে সেই কঠিন অনুশীলনৰ সুফল এতিয়া দেখা গৈছে৷ মই এই ধৰণৰ দ্ৰুত বল আৰু এই ধৰণৰ পৰিস্থিতিৰ বিৰুদ্ধে বহুত অনুশীলন কৰিছো৷’ উল্লেখ্য যে মেচখনত ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক ন উইকেটত ১২৫ ৰানত সীমাবদ্ধ কৰিছিল যদিও আৰম্ভণিতে ৰাজস্থানে উইকেট হেৰুৱায়৷ কিন্তু ৰিয়ানে দক্ষতাৰে অনন্য বেটিং কৰি এককভাবে দলক বিজয়লক্ষ্যত উপনীত কৰোৱায়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...