৬৪ বলত অপৰাজিত ১৪৪ ৰান, অনুশীলন মেচত ৰিয়ানৰ বিস্ফোৰক ইনিংছ

আঘাতৰ বাবে দীৰ্ঘ সময় ধৰি খেলপথাৰৰ পৰা আঁতৰি থকা অসম সন্তান ৰিয়ান পৰাগে আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল] ৰ জড়িয়তে পুনৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিবলৈ সাজু হৈছে৷ ইতিমধ্যে গুৱাহাটী আৰু জয়পুৰত হেৱা ৰাজস্থান ৰয়েলছৰ অনুশীলনত অংশ লোৱা ৰিয়ানে আজি সবাই মানসিং ষ্টেডিয়ামত খেলা এখন অনুশীলন মেচত এক বিস্ফোৰক ইনিংছ খেলি দলৰ শিবিৰলৈ আশা কঢ়িয়াই আনিছে৷

মেচখনত ৰিয়ানে মাত্ৰ ৬৪ টা বলৰ সন্মুখীন হৈ অপৰাজিত ১৪৪ ৰাণ কৰে৷ ৰিয়ানৰ বিস্ফোৰক শতকীয় ইনিংছত আছিল ১০ ছিক্সাৰ আৰু ১৬ টা বাউণ্ডেৰি৷ স্বাভাৱিকতে অসম সন্তানৰ এই ইনিংছে ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেণ্টক ৰিয়ানক লৈ নতুন ৰণনীতি প্ৰস্তুত কৰাৰ বাট মুকলি কৰাৰ লগতে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীকো আসন্ন আই পি এল ছিজন অধিক ৰোমাঞ্চিত কৰাৰ আশা লৈ আনিছে৷

উল্লেখ্য যে ‘এক দল, এক ভাষা৷ জন্ম ৰাজস্থানত, উদযাপন অসমত৷’ শ্ল’গানৰে আসন্ন আই পি এলৰ প্ৰথম দুখন ঘৰুৱা মেচে গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে৷ আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা ২৬ মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে ৩০ মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে এ চি এ ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

ইয়াৰপূৰ্বে ৰাজস্থান ৰয়েলছ দলে হায়দৰাবাদত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা ২৩ মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব৷ ৰিয়ানৰ বেটিঙৰ ওপৰতে ৰাজস্থান ৰয়েলছৰ চমকপ্ৰদ আৰম্ভনিও নিৰ্ভৰ কৰিব৷ কাৰণ গুৱাহাটী ৰিয়ানৰ গৃহভূমি৷ সেয়ে দুই চেম্পিয়ন দল কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছক গুৱাহাটীত নিজৰ অনুৰাগীৰ সন্মুখত বিধ্বস্ত কৰিবলৈ দৃঢ়তাৰে সাজু হৈছে ৰিয়ান৷ কেবল এ চি এ ষ্টেডিয়ামত অনুৰাগীৰ সমৰ্থন বিচাৰিছে অসম সন্তানে৷

উল্লেখ্য যে গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা মেচ দুখনৰ অনলাইন আৰু অফলাইন টিকট ইতিমধ্যে অনুৰাগীৰ বাবে মুকলি কৰি দিয়া হৈছে৷ গুৱাহাটীৰ লালগনেশৰ আস্থা একাডেমীত ক্ৰিকেটপ্ৰেমীৰ বাবে অফলাইনৰ টিকট কাউণ্টাৰ মুকলি কৰিছে ৰাজস্থান ৰয়েলছে৷ অহা ২৩ মাৰ্চৰ দিনটো বাদ দি উভয় মেচৰ টিকট জমা থকালৈকে এই কাউণ্টাৰ দৰ্শকৰ বাবে মুকলি থাকিব৷ প্ৰতিদিনে পূৱা দহ বজাৰ পৰা কাউণ্টাৰত টিকট বিক্ৰি কৰা হৈছে৷

প্ৰথমে কেবল ছাত্ৰ-ছাত্ৰীৰ বাবে এই টিকট কাউণ্টাৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও অনলাইনত টিকট ক্ৰয় কৰাত অসুবিধা পোৱা ক্ৰীড়ানুৰাগীৰ অনুৰোধৰ প্ৰতি সহাৰি জনাই ৰাজস্থান ৰয়েলছ দলে উক্ত কাউণ্টাৰত ছাত্ৰ-ছাত্ৰীৰ বিশেষ টিকটৰ লগতে অন্য টিকটো দৰ্শকক দিয়াৰ ব্যৱস্থা কৰিছে৷ দৰ্শকে গুৱাহাটীৰ উভয় মেচৰ টিকট এই কাউণ্টাৰৰ পৰা ক্ৰয় কৰিব পাৰিব৷ আনহাতে, অনলাইনত বুক মাই শ্ব’ত টিকট ক্ৰয় কৰিব লাগিব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...