২০২২ৰ পহিলা মাহতে কাজিৰঙাত গঁড় নিধন কৰি চোৰাংচিকাৰীয়ে কাটি নিলে খৰ্গ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন। চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত প্ৰথমটো গঁড় নিধনৰ ঘটনাই উদঙালে ৰাষ্ট্ৰীয় উদ্যানখনৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ। ঘটনা অনুসৰি বুধবাৰে নিশা প্ৰায় ৮.৪৫ বজাত কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ পৰা ১ কিলোমিটাৰ নিলগত ঘন হাবিৰ মাজত উদ্ধাৰ হয় এটা খৰ্গবিহীন গঁড়ৰ মৃতদেহ। উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি প্ৰায় ১০-১৫ দিন পূৰ্বেই গঁড়টো হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গটো লৈ উধাও হয়। বুধবাৰে নিশাহে শিলেখুন্দা বন শিবিৰৰ বনকৰ্মীয়ে মৃত গঁড়টো উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই।

পুৱা উদ্যানখনৰ সঞ্চালক, DFO, বন বিভাগৰ এটা বৃহৎ দল,গোলাঘাট জিলা আৰক্ষী অধীক্ষক, বোকাখাত মহকুমা আৰক্ষী বিষয়া ঘটনাস্থলীলৈ ৰাওনা হয়। নতুন বছৰৰ প্ৰথমটো মাহতে চোৰাং চিকাৰীয়ে নিধন কৰিলে অসম গৌৰৱ এশিঙীয়া গঁড়, লুটি নিলে খৰ্গ। যোৱা ২৮ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনৰ কাৰ্তিকা বন শিবিৰৰ বনকৰ্মীয়ে চোৰাংচিকাৰী প্ৰৱেশৰ তথ্য লাভ কৰিছিল। পৰৱৰ্তী সময়ত চোৰাংচিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছিল। সেই তথ্যৰ পম খেদিয়েই যোৱা ৩১ ডিচেম্বৰত ব্রহ্মপুত্রৰ পাৰত ৪খন জাল উদ্ধাৰ কৰিছিল বন বিভাগে।

আনহাতে, বন বিভাগৰ সোপাধিলা নীতিৰ বিৰুদ্ধে সৰৱ হৈছে কাজিৰঙাৰ দল-সংগঠন। মন কৰিবলগা কথাটো এয়ে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলৰ সহযোগিতাৰ অবিহনে কাজিৰঙা সুৰক্ষা দিয়াতো সম্ভৱ নহয় সেয়া সকলোৰে অৱগত। লগতে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দাবী বিভিন্ন সংগঠনৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...

পৰৱৰ্তী লোকপিয়লত জাতিগত গণনাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে এক ঐতিহাসিক সিদ্ধান্তত পৰৱৰ্তী লোকপিয়লত জাতিগত গণনা...

অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ লক্ষ্য জ্যাকী ভাগনানীৰ

বলীউডৰ অভিনেতা, প্ৰযোজক তথা সংগীত উদ্যোগী জ্যাকী ভাগনানীৰ অসমৰ...

বেলুচিস্তানৰ ইতিহাস আৰু সমসাময়িক পৰিস্থিতি

বেলুচিস্তান পাকিস্তানৰ এখন প্ৰদেশ। দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বেলুচিস্তান...