বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ। অভিযান চলায়ো আৰক্ষীয়ে সূংশুত্ৰ উলিয়াব পৰা নাই শুভলক্ষ্মীৰ। বুধবাৰে নাজিৰাৰ ২২খন চাহ বাগিচাত উত্তাল প্ৰতিবাদ। শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী।

ASP শুভলক্ষ্মী-১
অসম আৰক্ষী- ০
শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে বাগিচাই বাগিচাই বিদ্ৰোহ

অসম আৰক্ষী সম্পৰ্কে ৰাজ্যবাসীক অশুভ বাৰ্তা দি পলাতক এ এছ পি শুভলক্ষ্মী দত্ত। মঙলবাৰে আমি দেখুৱাইছিলো চৰাইদেউ জিলাৰ সীমান্ত নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ পলায়নৰ চিচিটিভি ফুটেজ। তেতিয়া আৰক্ষীয়ে অভিযান চলাইছিল ছয়মাইলৰ পাৰ্লে ৰেছিডেন্সীত। তেতিয়াই আৰক্ষী অহাৰ উমান পাই এইদৰে পলাইছিল শুভলক্ষ্মী দত্ত। তেতিয়াৰ পৰা এতিয়ালৈ আৰক্ষীয়ে জিৰণি নোলোৱাকৈ চলাইছে অভিযান। কিন্তু শুভলক্ষ্মী দত্তৰ কোনো সূংশুত্ৰ উলিয়াব পৰা নাই।

২৬ আগষ্টতেই শুভলক্ষ্মীৰ বিৰুদ্ধে দাখিল হৈছিল এজাহাৰ
২৭ আগষ্টত দল-সংগঠনৰ হেঁচাত ৰুজু হৈছিল গোচৰ

ঘটনা পোহৰলৈ অহাৰ পাছতেই দল-সংগঠনে প্ৰতিবাদ কৰিছিল শুভলক্ষ্মীক শাস্তি প্ৰদানৰ দাবীত। ঘটনা-অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙেও। কিন্তু এতিয়ালৈ শাস্তিতো বাদেই। আৰক্ষীয়ে সন্ধানেই উলিয়াব পৰা নাই শুভলক্ষ্মীৰ।

শুভলক্ষ্মীৰ বিৰুদ্ধে ২২খন বাগিচাত প্ৰতিবাদ
নিৰ্যাতিতই ন্যায় নোপোৱালৈ চলিব সংগ্ৰাম

শুভলক্ষ্মীৰ বিৰুদ্ধে এইদৰেই ওলাই আহিল চাহ জনগোষ্ঠীৰ পুৰুষ-মহিলা। অসম চৰকাৰৰ বিৰুদ্ধে জাউৰীয়ে জাউৰীয়ে শ্লোগান। শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰৰ দাবী। ২২ খনকৈ চাহ বাগিচাত আটছা আৰু অসম চাহ মজদুৰ সংঘই দাহ কৰিলে শুভলক্ষ্মীৰ প্ৰতিকৃতি। নাজিৰাৰ লিগিৰীপুখুৰী, বামুনপুখুৰী, মেকিপুৰ, মাদুৰি, হনুমান বাগ আদিকে ধৰি মুঠ ২২খন বাগিচাত প্ৰতিবাদ।

এজাহাৰ দাখিলৰ ১১ দিন হ’ল
প্ৰশ্ন প্ৰতিবাদকাৰীৰ – ASP শুভলক্ষ্মী দত্ত নহৈ যদি সাধাৰণ লোক হ’লহেঁতেন!
ক্ষোভৰ জুই জ্বলিছে নাজিৰাত। শুভলক্ষ্মীক শাস্তি দিবই লাগিব। লাগিব মানে লাগিবই। নামানে এওঁলোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...