তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অনুমুলা ৰেৱন্থ ৰেড্ডীয়ে

তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অনুমুলা ৰেৱন্থ ৰেড্ডীয়ে
কংগ্ৰেছৰ তেলেংগানা জয়ৰ নেতৃত্ব লৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্থ ৰেড্ডীয়ে
তেলেংগানাৰ ৰাজনীতিত ৰেৱন্থ পৰিচিত ‘আন্না’ অৰ্থাৎ ডাঙৰ দাদা
Family Man ৰাজনীতিবিদ হিচাপেও তেওঁৰ আছে চিনাকি


বৃহস্পতিবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব ল’লে এ ৰেৱন্থ ৰেড্ডীয়ে। তেলেংগানাৰ এজন জনপ্ৰিয় ৰাজনীতিবিদ। সকলো দলতে আছে তেওঁৰ অন্তৰংগ বন্ধু। তেলেংগানা ৰাজ্য গঠনৰ ক্ষেত্ৰত TRS অৰ্থাৎ তেলেংগানা ৰাষ্ট্ৰ সমিতি তথা সেই সংগঠনৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ আছিল অনবদ্য ভূমিকা। ২০১৮ চনত ৰাজ্য গঠনৰ পিছত হোৱা নিৰ্বাচনত বিপুল ভোটত জয়ী হৈ চৰকাৰ গঠন কৰিছিল কে চন্দ্ৰশেখৰ ৰাওৱে। এই KCR যাদুকে নস্যাৎ কৰি ৰেৱন্থৰ নেতৃত্বত তেলেংগানাত ক্ষমতালৈ আহিল কংগ্ৰেছ।

১৯৬৯ চনৰ ৮ নৱেম্বৰত মেহবুব নগৰত জন্ম ৰেৱন্থ ৰেড্ডীৰ
উছমনীয়া বিশ্ববিদ্যালয়ৰ অন্ধ্ৰ বিদ্যালয় কলেজৰ স্নাতক
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়পাল ৰেড্ডীৰ ভতিজী গীতাৰ সৈতে তেওঁৰ বিবাহ


ছাত্ৰ অৱস্থাৰ পৰাই ৰাজহুৱা জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত আছিল ৰেৱন্থ ৰেড্ডী।

আছিল তেওঁ RSSৰ ছাত্ৰ সংগঠন ABVPৰ সৈতে জড়িত
৩০ বছৰ বয়সত সভাপতি নিৰ্বাচিত জুবিলিহিল্ছ হাউছিং ছ’চাইটীৰ
তেলেগু ছবিৰ সকলোতকৈ ধনী, প্ৰভাৱশালী তাৰকাৰ বাসস্থান জুবিলিহিল্ছ
২০০৭ত বিধান পৰিষদলৈ নিৰ্দলীয়ৰূপে নিৰ্বাচিত হয় তেওঁ
তাৰ পিছতে তেলেগু দেশম দলত যোগ দি ঘনিষ্ঠ হৈ পৰে চন্দ্ৰবাবু নাইডুৰ


এনেদৰে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত ক্ৰমাৎ দৃঢ়তাৰে খোজ পেলাইছিল ৰেৱন্থ ৰেড্ডীয়ে।

২০০৯ চনত তেলেগু দেশমৰ টিকটত প্ৰথমবাৰৰ বাবে বিধানসভালে নিৰ্বাচিত হয়
২০১৪ত পৃথক তেলেংগানা হোৱাৰ পিছতো তেওঁ আছিল TDPৰ বিধায়ক

তেলেংগানাৰ ৰাজনীতিত TDPৰ ৰাজনৈতিক পতন হ’ব বুলি অনুমান কৰি ২০১৭ত তেওঁ যোগ দিয়ে কংগ্ৰেছত। সকলো দলতে বন্ধু থকা ৰেৱন্থে ৰাজনীতিবিদ হিচাপে লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। ২০১৮ত বিধানসভাত পৰাস্ত হ’লেও লোকসভাত প্ৰতিদ্বন্দ্বিতা কৰি সাংসদৰূপে নিৰ্বাচিত হয় ৰেৱন্থ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ তেলেংগানাত দলীয় সংগঠন সুদৃঢ় কৰাত সক্ৰিয় ভূমিকা লয়। ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবে প্ৰখ্যাত ৰেৱন্থৰ কেৰিশ্মাই তেলেংগানাত কংগ্ৰেছৰ জয়ত লৈছিল গুৰুত্বপূৰ্ণ ভূমিকা। ৰেৱন্থে কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত দলৰ নেতৃবৰ্গৰ বিসম্বাদো তেওঁৰ পৰা আঁতৰ কৰি পেলাইছিল। অনাগত দিনত তেলেংগানাত কংগ্ৰেছ চৰকাৰক তেওঁ যে সুযোগ্য নেতৃত্ব বুলি বিশ্বাস কৰে তেলেংগানাবাসীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দুৰ্ঘটনাত আক্ৰান্তই লাভ কৰিব ‘ধনবিহীন চিকিৎসা’

দুৰ্ঘটনা সংঘটিত হ’লেই প্ৰথমে আহে আহতৰ চিকিৎসা ব্যয় কোনে...

চৰকাৰী পুঁজিৰ অপচয় ৰোধ কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

আৰু কিমান দিনলৈ বিনামূলীয়া সামগ্ৰী লাভ কৰিব জনসাধাৰণে? প্ৰতিটো...

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অসম আৰক্ষীৰ জোৱান

নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল অসম আৰক্ষীৰ ১৬ জনীয়া...

কালামাটিৰ ৰেট হোল মাইনিঙত প্ৰকৃততে কিমান শ্ৰমিক আছিল? তেওঁলোক জীয়াই আছেনে?

কালামাটিৰ মৃত্যু গহ্বৰত জীৱন-মৰণৰ যুঁজবুধবাৰে পুৱাই কয়লা খনিৰ পৰা...