নাতিদীৰ্ঘ সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই

৭৯ সংখ্যক জন্মদিনত দৰদী শিল্পী জয়ন্ত হাজৰিকাক স্মৰণ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিও জয়ন্ত হাজৰিকাৰ দৰদী গীতে মনপ্ৰাণ পুলকিত কৰে প্ৰতিজনৰে। নাতিদীৰ্ঘ জীৱনত অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰিছিল শিল্পীজনে। কম সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই। আজি সেই ৰাণাদাৰেই স্মৰণ সৰ্বত্ৰ।

বিশাল আকাশৰ গভীৰতা যেন গীত তেওঁৰ
মায়াময় ৰূপালী জোনাকৰ শীতলতা যেন কণ্ঠ তেওঁৰ
উভতি নহাৰ কথা কৈ বুকুতে ৰৈ যোৱা অম্লান কাহিনী তেওঁ
কেতিয়াবা বেজাৰতে টোপনি আনিব পৰা নিচুকনি তেওঁ

তেওঁ ৰাণা দা
যাউতিযুগীয়া জয়ন্ত হাজৰিকা
নাতিদীৰ্ঘ সময়তে জনতাৰ বুকুৱে বুকুৱে থিতাপি লৈছিল ৰাণা দাই
আজি সেই ৰাণাদাৰেই স্মৰণ সৰ্বত্ৰ

কোনোৱে গাইছে গান

কোনোৱে সুঁৱৰিছে ৰাণা দাৰ সান্নিধ্যৰ সুবাস
১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰিছিল শিল্পী জয়ন্ত হাজৰিকাই। দৰদী জয়ন্ত হাজৰিকাৰ জন্মস্থানত গুণমুগ্ধই আয়োজন কৰিছে শিল্পীজনাৰ ওপজা দিন।
অসমীয়া আধুনিক গীতৰ পৰিকাঠামো নিৰ্মাণৰ খনিকৰ তেওঁ
তেওঁ গীতৰ ধাৰাৰে সূৰ্যমুখী বাটৰ যুগজয়ী ৰূপকাৰ

মহানগৰীৰ চানমাৰিস্থিত জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত আয়োজিত হয় শিল্পীজনাৰ ওপজা দিন।
পৰিয়াল, গুণমুগ্ধ তথা অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ উপস্থিতিত বিভিন্নজনে গালে ৰাণা দাৰ কণ্ঠেৰে নিগৰা অমিয়া গান। কেকৰ পৰিৱৰ্তে পায়স খাই ভাল পাইছিল গণশিল্পীজনে। স্বামীৰ জন্মবাৰ্ষিকীত সোঁৱৰণি কুঁৱলীয়ে ভেটা বাট ফালি স্মৃতিকাতৰ হৈ পৰিল শিল্পীপত্নী মনীষা হাজৰিকা। ১৯৭৭ চনত জয়ন্ত হাজৰিকাই গঠন কৰিছিল সুৰবাহিনী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...