গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা সফলতাৰে সম্পন্ন কিশোৰৰ প্লীহাৰ বিৰল ৰ’বটিক অস্ত্ৰোপচাৰ

গুৱাহাটীৰ আগশাৰীৰ লেখাৰ স্কপিক, বেৰিয়াট্রিক আৰু ৰ’বটিক ছার্জন ডাঃ সুভাষ খান্নাই লাভ কৰিলে বিশেষ সফলতা। ৰ’বটিক ছাৰ্জাৰীৰ জৰিয়তে আঁতৰাবলৈ সক্ষম হয় এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্পেনিক চিষ্ট। এই জটিল তথা বিৰল অস্ত্ৰোপচাৰত চিকিৎসকগৰাকীয়ে ৰোগীগৰাকীৰ প্লীহা সুৰক্ষিতভাৱে ৰাখিবলৈ সক্ষম হয়।

শিশু বা কিশোৰৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ স্পেনিক চিষ্ট বিহ্বল। বিহান নামৰ এই ৰোগীগৰাকীয়ে প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্রথম পর্যায়ত এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱাত স্বাগতা ছুপাৰস্পেচিয়েলিটী ছার্জিকেল ইনষ্টিটিউট এণ্ড এন এইচ, মালিগাঁৱৰ ছার্জিকেল বিভাগৰ চিকিৎসক ডাঃ সুভাষ খান্নাৰ কাষ চাপে। চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিচত তেওঁৰ শৰীৰত এই স্পেনিক হিলাৰ চিষ্ট ধৰা পৰে। প্লীহা এটা যথেষ্ট গুরুত্বপূর্ণ অংগ হোৱা বাবে এই অস্ত্রোপচাৰ আছিল যথেষ্ট প্ৰতা হানজনক। ডাঃ খান্নাৰ মতে এই অংশত বহুতো ধমনী থকাৰ বাবে অস্ত্ৰোপচাৰত ৰক্তক্ষৰণৰ আশংকা যথেষ্ট থাকে। ৰ’বটিক ছাৰ্জাৰী ব্যৱস্থাত সাধাৰণ অস্ত্ৰোপচাৰৰ তুলনাত কম ক্ষতি হোৱাৰ লগতে ৰোগীগৰাকী সোনকালে সুস্থ হৈ উঠে আৰু অস্ত্ৰোপচাৰত তেওঁ সামান্য কষ্টহে অনুভৱ কৰে। এই অস্ত্ৰোপচাৰ পদ্ধতি যথেষ্ট নিখুঁত হোৱা বাবে ইয়াত ভুলৰ আশংকাও প্রায় নাথাকে। অস্ত্ৰোপচাৰ সম্পন্ন কৰা ডাঃ খান্নাৰ দলটোত আলি– ডাঃ এহু চৌধুৰী, ডাঃ বিশ্বজ্যোতি ৰাভা, সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ কণিকা দাস। তেওঁলোকক সহযোগিতা আগবঢ়াইছিল ব’বটিক স্কার্ব নাৰ্ছ ক্রমে বিদ্যা আলবানিছা আৰু লিপিকাই।

উল্লেখ্য যে স্বাগত এছ এছ এছ আই এণ্ড এন এইচত এইবাৰেই প্ৰথমবাৰলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৰ’বটিক পদ্ধতিৰে এনে বৃহৎ স্পেনিক চিহ্ন সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ল। ভাহিয়াহ’ নামৰ ৰ’বটেৰে ১৩ বছৰীয়া কিশোরটিৰ শৰীৰৰ পৰা আঁতৰোৱা এইটোৱেই হৈছে বৃহৎ স্পেনিক চিষ্ট আঁতৰোৱাৰ প্ৰথমটো অস্ত্ৰোপচাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...