গুৱাহাটীৰ চিকিৎসকৰ দ্বাৰা সফলতাৰে সম্পন্ন কিশোৰৰ প্লীহাৰ বিৰল ৰ’বটিক অস্ত্ৰোপচাৰ

গুৱাহাটীৰ আগশাৰীৰ লেখাৰ স্কপিক, বেৰিয়াট্রিক আৰু ৰ’বটিক ছার্জন ডাঃ সুভাষ খান্নাই লাভ কৰিলে বিশেষ সফলতা। ৰ’বটিক ছাৰ্জাৰীৰ জৰিয়তে আঁতৰাবলৈ সক্ষম হয় এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্পেনিক চিষ্ট। এই জটিল তথা বিৰল অস্ত্ৰোপচাৰত চিকিৎসকগৰাকীয়ে ৰোগীগৰাকীৰ প্লীহা সুৰক্ষিতভাৱে ৰাখিবলৈ সক্ষম হয়।

শিশু বা কিশোৰৰ ক্ষেত্ৰত এনেধৰণৰ বৃহৎ স্পেনিক চিষ্ট বিহ্বল। বিহান নামৰ এই ৰোগীগৰাকীয়ে প্ৰায় ৩ মাহ ধৰি পেটৰ বিষ আৰু বমিৰ সমস্যাত ভুগি আছিল। প্রথম পর্যায়ত এখন ব্যক্তিগত হাস্পতালত চিকিৎসা কৰিছিল যদিও সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱাত স্বাগতা ছুপাৰস্পেচিয়েলিটী ছার্জিকেল ইনষ্টিটিউট এণ্ড এন এইচ, মালিগাঁৱৰ ছার্জিকেল বিভাগৰ চিকিৎসক ডাঃ সুভাষ খান্নাৰ কাষ চাপে। চিকিৎসালয়ত পৰীক্ষা কৰাৰ পিচত তেওঁৰ শৰীৰত এই স্পেনিক হিলাৰ চিষ্ট ধৰা পৰে। প্লীহা এটা যথেষ্ট গুরুত্বপূর্ণ অংগ হোৱা বাবে এই অস্ত্রোপচাৰ আছিল যথেষ্ট প্ৰতা হানজনক। ডাঃ খান্নাৰ মতে এই অংশত বহুতো ধমনী থকাৰ বাবে অস্ত্ৰোপচাৰত ৰক্তক্ষৰণৰ আশংকা যথেষ্ট থাকে। ৰ’বটিক ছাৰ্জাৰী ব্যৱস্থাত সাধাৰণ অস্ত্ৰোপচাৰৰ তুলনাত কম ক্ষতি হোৱাৰ লগতে ৰোগীগৰাকী সোনকালে সুস্থ হৈ উঠে আৰু অস্ত্ৰোপচাৰত তেওঁ সামান্য কষ্টহে অনুভৱ কৰে। এই অস্ত্ৰোপচাৰ পদ্ধতি যথেষ্ট নিখুঁত হোৱা বাবে ইয়াত ভুলৰ আশংকাও প্রায় নাথাকে। অস্ত্ৰোপচাৰ সম্পন্ন কৰা ডাঃ খান্নাৰ দলটোত আলি– ডাঃ এহু চৌধুৰী, ডাঃ বিশ্বজ্যোতি ৰাভা, সংজ্ঞাহাৰক বিশেষজ্ঞ ডাঃ কণিকা দাস। তেওঁলোকক সহযোগিতা আগবঢ়াইছিল ব’বটিক স্কার্ব নাৰ্ছ ক্রমে বিদ্যা আলবানিছা আৰু লিপিকাই।

উল্লেখ্য যে স্বাগত এছ এছ এছ আই এণ্ড এন এইচত এইবাৰেই প্ৰথমবাৰলৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৰ’বটিক পদ্ধতিৰে এনে বৃহৎ স্পেনিক চিহ্ন সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হ’ল। ভাহিয়াহ’ নামৰ ৰ’বটেৰে ১৩ বছৰীয়া কিশোরটিৰ শৰীৰৰ পৰা আঁতৰোৱা এইটোৱেই হৈছে বৃহৎ স্পেনিক চিষ্ট আঁতৰোৱাৰ প্ৰথমটো অস্ত্ৰোপচাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...