৩ কিলোমিটাৰ ৰে’লপথ এতিয়াও বানৰ কবলত, বাতিল হৈছে ইখনৰ পিছত সিখন ৰে’ল

হোজাইৰ সমীপত বানে ছিগি নিলে ৰে’লপথ। যোগীজান-যমুনামুখ ষ্টেচনৰ মাজত ছিগিল ৰে’লপথ। প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ ৰে’লপথ ছিগি নিলে বানে। ৰে’লপথছোৱাৰে বন্ধ হৈ পৰিছে ৰে’লৰ চলাচল। প্ৰায় ৩ কিলোমিটাৰ ৰে’লপথ এতিয়াও বানৰ কবলত। ইতিমধ্যে বাতিল কৰা হৈছে বহুকেইখন যাত্ৰীবাহী ৰে’ল। শিলচৰ-শিয়ালদহ, গুৱাহাটী-ডিব্ৰুগড়, গুৱাহাটী-লিডু। গুৱাহাটী-লামডিং ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। তাৰোপৰি মৰিয়নী-গুৱাহাটী, ডিব্ৰুগড়-গুৱাহাটী, লামডিং-গুৱাহাটী আৰু ৰঙিয়া-তিনিচুকীয়া ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। ইয়াৰ লগতে গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। বিভিন্ন ষ্টেচনতে যাত্ৰা বাতিল কৰা হৈছে ৭খনকৈ ৰে’লৰ । তিনিখনকৈ ৰে’লৰ সলনি কৰা হৈছে যাত্ৰাপথ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...