৩ কিলোমিটাৰ ৰে’লপথ এতিয়াও বানৰ কবলত, বাতিল হৈছে ইখনৰ পিছত সিখন ৰে’ল

0 48

হোজাইৰ সমীপত বানে ছিগি নিলে ৰে’লপথ। যোগীজান-যমুনামুখ ষ্টেচনৰ মাজত ছিগিল ৰে’লপথ। প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ ৰে’লপথ ছিগি নিলে বানে। ৰে’লপথছোৱাৰে বন্ধ হৈ পৰিছে ৰে’লৰ চলাচল। প্ৰায় ৩ কিলোমিটাৰ ৰে’লপথ এতিয়াও বানৰ কবলত। ইতিমধ্যে বাতিল কৰা হৈছে বহুকেইখন যাত্ৰীবাহী ৰে’ল। শিলচৰ-শিয়ালদহ, গুৱাহাটী-ডিব্ৰুগড়, গুৱাহাটী-লিডু। গুৱাহাটী-লামডিং ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। তাৰোপৰি মৰিয়নী-গুৱাহাটী, ডিব্ৰুগড়-গুৱাহাটী, লামডিং-গুৱাহাটী আৰু ৰঙিয়া-তিনিচুকীয়া ৰে’লৰ যাত্ৰা বাতিল কৰা হৈছে। ইয়াৰ লগতে গুৱাহাটী-যোৰহাট জনশতাব্দী এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰা বাতিল কৰা হৈছে। বিভিন্ন ষ্টেচনতে যাত্ৰা বাতিল কৰা হৈছে ৭খনকৈ ৰে’লৰ । তিনিখনকৈ ৰে’লৰ সলনি কৰা হৈছে যাত্ৰাপথ।

Leave A Reply

Your email address will not be published.