গুৱাহাটী টাউন ক্লাৱৰ বক্সিং চেণ্টাৰ মুকলি

অসমত বক্সিং খেলক এক নতুন দিগন্ত দিবলৈ আজি গুৱাহাটী টাউন ক্লাবে মুকলি কৰে বক্সিং চেণ্টাৰ। গুৱাহাটী আৰু অসমৰ প্ৰতিভাশালী খেলুৱৈসকলক STATE OF THE ART ফেচিলিটী প্ৰদান কৰিবলৈ মুকলি কৰা হৈছে এই গুৱাহাটী টাউন ক্লাৱৰ বক্সিং চেণ্টাৰ। আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা অসম গৌৰৱ লাভলীনা বৰগোহাঁই।

লগতে অনুষ্ঠানটোত উপস্থিত থাকে গুৱাহাটী টাউন ক্লাৱৰ সম্পাদক দেৱজিত শইকীয়া, বক্সিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ মুখ্য সচিব হেমন্ত কুমাৰ কলিতা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনজিৎ ভূঞা আৰু বহু গণ্য-মান্য ব্যক্তি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...